নৌসেনাক শক্তিশালী কৰাৰ লক্ষ্যৰে ৬৪,০০০ কোটি টকা ব্যয় ভাৰত চৰকাৰৰ ।
২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰত-ফ্ৰান্সৰ । ৩৭-৬৫ মাহৰ ভিতৰত হ’ব হস্তান্তৰ।
পেহেলগাম আক্ৰমণৰ পিচত নৌসেনাক শক্তিশালী কৰি তোলাৰ ব্যৱস্থা হিচাপে ৬৪ হেজাৰ কোটি টকা ব্যয়ৰে ২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ বাবে ভাৰতে ফ্ৰান্সৰ সৈতে এখন চুক্তিত উপনীত হয়। এই বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে।অনুষ্ঠানত উপস্থিত থাকে নৌসেনাৰ উপ-মূৰব্বী এডমিৰেল কে স্বামীনাথন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত চলিত মাহত অনুষ্ঠিত নিৰাপত্তাবিষয়ক কেবিনেট কমিটীৰ বৈঠকত এই ৰাফেল নৌ বিমান ক্ৰয়ৰ চুক্তিত অনুমোদন জনোৱা হৈছিল। এই বিমানকেইখন প্ৰাথমিকভাবে নৌসেনাৰ যুদ্ধজাহাজ আই এন এছ বিক্ৰান্তত সংলগ্ন কৰা হ’ব। ভাৰত চৰকাৰ আৰু ফ্ৰান্স চৰকাৰৰ মাজত আজি চুক্তিখন সম্পাদিত হয়। নৌসেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে নতুনকৈ ক্ৰয় কৰিবলগীয়া ২৬ খন ৰাফেল বিমানৰ ২২ খন ১ জনীয়া আসনৰ আৰু ৪ খন দুজনীয়া আসনৰ বিমান। চুক্তি অনুসৰি নৌসেনাৰ বাবে ফ্ৰান্স চৰকাৰে ব্যৱস্থা কৰিব অত্যাধুনিক অস্ত্ৰৰ প্ৰশিক্ষণ, পাইলটৰ প্ৰশিক্ষণৰ ব্যৱস্থা, লজিষ্টিক ছাপৰ্ট পেকেজ আদি। ভাৰতৰ নৌসেনাৰ প্ৰয়োজনৰ আৰ্হিত নিৰ্মাণ কৰিবলগীয়া বিমানকেইখন ৩৭ পৰা ৬৫ মাহৰ ভিতৰত ভাৰতক হস্তান্তৰ কৰা হ’ব। সম্প্ৰতি ভাৰত চৰকাৰে মুঠ খৰচৰ ১৫% আগধন হিচাপে দিব লাগিব।
Discussion about this post