বুধবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰে। কেন্দ্ৰীয় শাসিত প্ৰশাসন (সংশোধনী) বিধেয়ক ২০২৫, সংবিধান (১৩০ তম সংশোধনী) বিধেয়ক ২০২৫ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৫।এই বিধেয়কসমূহ মূলতঃ সংবিধান সংশোধনৰ লক্ষ্যৰে অনা হৈছিল। কোনো গুৰুতৰ অপৰাধৰ সৈতে জড়িত কোনো মন্ত্ৰী, প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে যাতে নিজৰ পদৰ বাবে সাংবিধানিক সুৰক্ষা লাভ নকৰে তাৰ বাবে বিধেয়কখনে নিশ্চিত কৰিছে। প্রস্তাৱিত বিধেয়কখনত উল্লেখ আছে যে কোনো ৰাজ্যৰ প্রধানমন্ত্রী, কেন্দ্রীয় মন্ত্রী বা মুখ্যমন্ত্রী আৰু মন্ত্রী পদত অধিষ্ঠিত থকাৰ সময়ত কোনো গুৰুতৰ অপৰাধৰ বাবে ৩০ দিনতকৈ অধিক সময় কাৰাগাৰত থকা যিকোনো ব্যক্তিক পদৰ পৰা অপসাৰণ কৰা হ’ব৷
কংগ্ৰেছকে ধৰি সমগ্ৰ বিৰোধী শিবিৰে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। ভাৰতীয় মিত্ৰজোঁটে কয় যে এইটো আচলতে বিৰোধীয়ে নিৰ্বাচিত চৰকাৰক উফৰাই দিয়াৰ ষড়যন্ত্ৰ।
কিন্তু শশী থাৰুৰে দলৰ চৰকাৰী স্থিতিৰ বিপৰীতে কোৱা দেখা গৈছে। কেন্দ্রই প্রস্তাৱিত সংবিধান (১১৩ সংশোধনী) বিধেয়ক সন্দর্ভত থাৰুৰে কয়, “যদি কোনোবাই ৩০ দিন জেলত থাকে, তেন্তে তেওঁলোকে নিজৰ পদ হেৰুৱাবলগীয়া হোৱাটো স্বাভাৱিক।
Discussion about this post