ধাৰাবাহিকভাৱে পঞ্চমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ’ল ৭৬ বছৰীয়া বাংলাদেশৰ গণতন্ত্ৰৰ আইকন শ্বেইখ হাছিনা। ব্যাপক হিংসাত্মক ঘটনাৰাজিৰ লগতে বিৰোধীৰ ভোট বৰ্জনৰ আহ্বানৰ মাজতে অনুষ্ঠিত হোৱা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে আৱামী লীগে পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, বাংলাদেশ সংসদৰ সাধাৰণ নিৰ্বাচনত আৱামী লীগে মুঠ ৩০০ খন আসনৰ ভিতৰত ২২৩ খন আসন লাভ কৰিছে। আনহাতে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই অভিলেখ সংখ্যক ১ লাখ ৩৫ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।
২০০৯ চনৰ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে ধাৰাবাহিকভাৱে কাৰ্যনিৰ্বাহ কৰি অহা শ্বেইখ হাছিনা ‘বংগ বন্ধু’ হিচাপে খ্যাত পিতৃ শ্বেইখ মুজিবুৰ ৰহমানৰ (প্ৰথমগৰাকী ৰাষ্ট্ৰপতি)কন্যা। ১৯৯১ চনত হুছেইন মহম্মদ ইৰশ্বাদৰ স্বৈৰাচাৰী শাসনৰ সমাপ্তিৰ পিছতে শ্বেইখ হাছিনাই আৱামী লীগৰ পৰা প্ৰতিদ্বন্দিতা কৰি খালেদা জিয়াৰ হাতত পৰাজিত হৈছিল।
ইয়াৰ পিছতে হাছিনাই খালেদা জিয়াৰ বাংলাদেশ জাতীয়তাবাদী পাৰ্টী চমুকৈ বি এন পিৰ (BNP) বিৰুদ্ধে নিৰ্বাচনী অসতাতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল খালেদা জিয়া।
পুনৰ ১৯৯৬ ৰ জুনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত বি এন পিক (BNP) ক্ষমতাৰ পৰা আতৰাই আৱামী লীগে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। আৰু শ্বেইখ হাছিনাই প্ৰথমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে।
অৱশ্যে ২০০১ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত তেওঁৰ দল পৰাজিত হোৱাত পুনৰ বিৰোধীৰ ভূমিকা পালন কৰিবলগীয়া হয়। ২০০১ ৰ পৰা ২০০৮ লৈ বাংলাদেশৰ সংসদত শ্বেইখ হাছিনাই পালন কৰিছিল বিৰোধী দলপতিৰ দায়িত্ব।
পুনৰ ২০০৯ ৰ নিৰ্বাচনত আৱামী লীগ ক্ষমতালৈ অহাৰ পিছৰে পৰা শ্বেইখ হাছিনা আৰু তেওঁৰ দল থমকি ৰ’বলগীয়া হোৱা নাই । ডেৰটা দশকৰো অধিক সময় তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
Discussion about this post