দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মাতি চৰকাৰৰ ৰোষত পৰিবলগীয়া হৈছে RTI কৰ্মী দিলীপ নাথ। সম্প্ৰতি প্ৰাণৰ ভয়ত ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে RTI কৰ্মী দিলীপ নাথ। উল্লেখযোগ্য যে গৰুখুটি প্ৰকল্পলৈ অনা গীৰ গাই ৰঙিয়া ষ্টেচনৰ পৰা নোহোৱা হোৱাৰ ঘটনা পোহৰলৈ আহিছিল দিলীপ নাথৰ RTI ৰ যোগে। উক্ত RTI ৰ আধাৰতে সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰাৰ পিচতে ৰাজ্যবাসীয়ে জানিব পাৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাকে ধৰি একাংশ জনপ্ৰতিনিধিয়ে গৰুখুটি প্ৰকল্পৰ গীৰ গাই লৈ যোৱা কাহিনী। ইয়াক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। বিৰোধী কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ-বিক্ষোভ। এনে প্ৰেক্ষাপটতে এতিয়া বিজেপি চৰকাৰৰ ৰোষত পৰিছে RTI কৰ্মী দিলীপ নাথ। দিলীপ নাথৰ ঢেকিয়াজুলিৰ ঘৰত দৈনিক উপস্থিত হৈছে আৰক্ষী আৰু বন বিভাগৰ লোক। নাথৰ পৰিয়ালক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰো অভিযোগ উঠিছে। আনকি দিলীপ নাথৰ বাসগৃহৰ পৰা চি চি কেমেৰাও খুলি লৈ গৈছে আৰক্ষীয়ে। এই প্ৰসঙ্গত দিলীপ নাথে সংবাদ মাধ্যমক কয় – বেয়া কথা কেতিয়াও লুকুৱাই থৈ দিব নোৱাৰি। গৰু চুৰিৰ লগত জড়িত মন্ত্ৰী-বিধায়কসকল আজি লজ্জিত হৈছে। আৰক্ষী-প্ৰশাসনে মোৰ ঘৰত তালাচীৰ নামত পৰিয়ালৰ লোকক হাৰাশাস্তি কৰিছে। বিভিন্ন ফাইল খুঁচৰিছে। মোৰ ল’ৰাটো আজি জামিনত মুকলি হৈছিল। কিন্তু সি শিল-বালি খননৰ লগত জড়িত বুলি গহপুৰ, চতিয়া, তেজপুৰ, মাজবাট, ঢেকিয়াজুলি আদি ঠাইত পুনৰ গোচৰ ৰুজু কৰা হৈছে। মই গৰু চোৰৰ কাহিনী উদঙোৱাৰ লগতে প্ৰতিদিন টাইমৰ টক শ্ব’ত অংশ লোৱাৰ বাবে মোৰ ওপৰত এতিয়া বিজেপি চৰকাৰ জপিয়াই পৰিছে। বিধায়ক পদ্ম হাজৰিকাই ঢেকীয়াজুলি থানালৈ গৈ মোক গুলিয়াই দিব লাগে বুলি কৈছে। মই তেওঁক প্ৰত্যাহ্বান জনাই কৈছো – আনক কিয় ক’ব লাগে। সাহস আছে যদি আপুনি মোক গুলিয়াই মাৰক। তাৰ পিচত অসমৰ ৰাইজে আপোনাৰ কি অৱস্থা কৰিব চাব। উল্লেখযোগ্য যে দিলীপ নাথৰ পুত্ৰ কপিল নাথৰ বিৰুদ্ধে ৰাক্ষসমাৰী থানাত ৰুজু হৈছিল এটা গোচৰ। তাৰ আধাৰত কপিল নাথক গ্ৰেপ্তাৰ কৰা হৈছ। আজি দিলীপ নাথৰ ল’ৰাই জামিন লাভ কৰিছিল যদিও পুনৰ মাজবাট থানাই গ্ৰেপ্তাৰ কৰে। দিলীপ নাথে কয় – ‘মোৰ পুত্ৰ কোনোধৰণৰ শিল, বালিৰ খনন তথা ছিণ্ডিকেটৰ লগত জড়িত নহয়। মিছেকৈয়ে গ্ৰেপ্তাৰ কৰা হৈছে। এইক্ষেত্ৰত মই বিভিন্ন দল-সংগঠনৰ লগতে সংবাদ মাধ্যমৰ পৰা সহায় সহযোগিতা বিচাৰিছো। ইফালে গীৰ গাই কেলেংকাৰী উদ্ ঘাটন কৰাৰ বাবেই দিলীপ নাথক বিজেপি চৰকাৰে হাৰাশাস্তি কৰা কাৰ্যক গৰিহণা দিছে কংগ্ৰেছ দলে। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এই সন্দৰ্ভত কয় – দিলীপ নাথে RTI যোগে যি তথ্য লাভ কৰিছে, সেয়া চৰকাৰৰ পৰা প্ৰদান কৰা হৈছে। এতিয়া কথাবোৰ ৰাজহুৱা হৈ যোৱাৰ পিচত RTI কৰ্মীগৰাকীৰ ওপৰত চৰকাৰখন জপিয়াই পৰিছে। এয়া অতি দুৰ্ভাগ্যজনক। আৰক্ষীয়ে কোনো মন্ত্ৰী-বিধায়কৰ বহতীয়া হৈ কাম কৰিছে নেকি? কোনেও আইন হাতত তুলি লোৱা উচিত নহয়।
Discussion about this post