পাকিস্তানৰ ৰাজনীতিত আগমন ঘটিব দুগৰাকী নতুন ৰাজকুমাৰৰ। তেওঁলোক হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দুই পুত্ৰ চুলেমান খান আৰু কাছিম খান। পিতৃ ইমৰান খানে ৰাজনীতিত যি প্ৰতিষ্ঠা লাভ কৰিছিল, সেই প্ৰতিষ্ঠাক আৰু এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যেই হৈছে দুই পুত্ৰৰ ৰাজনীতিলৈ আগমন। ৫ আগষ্টত ইমৰান খানৰ দল পি টি আয়ে আৰম্ভ কৰা আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব চুলেমান খান আৰু কাছিম খানে । লক্ষণীয় যে আদিয়ালা জেলত বন্দী হৈ থকা ইমৰান খানক মোকলাই অনাৰ দাবীৰে ৫ আগষ্টত পি টি আয়ে আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিব। উল্লেখ যে পাকিস্তানৰ ৰাজনীতিত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পুত্ৰ-কন্যাই যোগদান কৰাৰ ঘটনা নতুন নহয়। বেনজিৰ ভূট্টোৰ পুত্ৰ বিলাৱাল ভূট্টো আৰু নৱাজ শ্বৰীফৰ কন্যা মৰিয়ম নৱাজো পাকিস্তানৰ ৰাজনীতিত সকলোৰে পৰিচিত মুখ।
Discussion about this post