উপ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ জগদীপ ধনখড়ৰ। স্বাস্থ্যজনিত কাৰণতে জগদীপ ধনখড়ে পদত্যাগ কৰিছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ লিখা পদত্যাগ পত্ৰত জগদীপ ধনখড়ে কয় যে, “স্বাস্থ্যৰ যতন লোৱাক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসাৰ পৰামৰ্শ মানি চলিবলৈ মই ইয়াৰ দ্বাৰা সংবিধানৰ ৬৭ (ক) অনুচ্ছেদ অনুসৰি, তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছো।” মহামহিম, ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক মোৰ কাৰ্যকালত তেওঁৰ অদম্য সমৰ্থন শান্তিদায়ক আৰু কৰ্মৰ সু-সম্পৰ্কৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
জগদীপ ধনখড়ে কয় যে, “এই গুৰুত্বপূৰ্ণ সময়ছোৱাত ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক প্ৰগতি আৰু অভূতপূৰ্ব বিকাশৰ সাক্ষী আৰু অংশগ্ৰহণ মোৰ বাবে এক বৃহৎ সৌভাগ্য আৰু সন্তুষ্টিৰ বিষয়।” তেওঁ লগতে কয় যে, “আমাৰ জাতিৰ ইতিহাসৰ এই পৰিৱৰ্তনশীল যুগত সেৱা আগবঢ়াবলৈ সুযোগ লাভ কৰাটো মোৰ বাবে আছিল এক প্ৰকৃত সন্মান।”
উল্লেখযোগ্য যে, দিনত জগদীপ ধনখড়ে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা চম্ভালিছিল। ২০২৭লৈকে কাৰ্যকাল আছিল জগদীপ ধনখড়ৰ। ২০২২ত উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল জগদীপ ধনখড়। এতিয়া ৬০ দিনৰ ভিতৰত উপ-ৰাষ্ট্ৰপতিৰ পদ পূৰণ কৰিব লাগিব। বৰ্তমান ৰাজ্যসভাৰ উপ-অধ্যক্ষই দায়িত্ব ল’ব ৰাজ্যসভাৰ। নিৰ্বাচন নোহোৱা পৰ্যন্ত উপ-অধ্যক্ষই দায়িত্বত থাকিব।
Discussion about this post