ব্যৱসায়ী মুনাফা লাভৰ স্বাৰ্থত গুৰু গোহাঁই নামানি একাংশ মাটিৰ ব্যৱসায়ীয়ে পথাৰৰ মাজত খন্দা পুখুৰীত পৰি টীয়কত কৰুণ মৃত্যুক সাৱটিলে ২৬ বছৰীয়া এজন যুৱ শিক্ষকে।
টীয়ক গুৱালগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ বৰাৰ জ্যেষ্ঠ পুত্ৰ মানস প্ৰতিম বৰাই কৰুণ মৃত্যুক সাৱটে। জানিব পৰা অনুসৰি বৃহস্পতিবাৰে বিয়লি ঘৰৰ পাছফালৰ পথাৰত হাঁহ খেদিবলৈ গৈ উন্মুক্ত পুখুৰীত পৰে আৰু স্থানীয় কোনো লোকে প্ৰত্যক্ষ কৰি বাঢ়নি পানীৰ পৰা কোনোমতে উদ্ধাৰ কৰে যুৱকজনক।
যুৱকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ টীয়ক এফ আৰ ইউলৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। উল্লেখযোগ্য যে, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক ৰূপে বিগত ৫ ফেব্ৰুৱাৰীত নিযুক্তি লাভ কৰিছিল মেধা সম্পন্ন যুৱ শিক্ষকজনে। যুৱ শিক্ষকজনৰ আকস্মিক বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
Photo & Input: উৎপল জ্যোতি খাউণ্ড
Discussion about this post