আৰক্ষীয়ে বলপূৰ্বক ফাইন বিচৰাৰ বাবেই যুৱকৰ চাঞ্চল্যকৰ আত্মহত্যা (Youth Commits Suicide)। মহানগৰীৰ ধীৰেনপাৰাত (Guwahati Dhirenpara) সংঘটিত হৈছে এই ঘটনা। ধীৰেনপাৰাৰ জ্যোতি পথৰ বাসিন্দা আছিল নুৰ আলী ওৰফে মৃদুল আলী ৷ অনুজ্ঞাপত্ৰ নোহোৱাৰ বাবে যুৱকজনৰ পৰা ১৫,০০০ টকা দাবী কৰিছিল ভৰলুমুখ আৰক্ষীয়ে।
পৰিয়ালৰ লোকৰ অভিযোগ লাৰ্ণাৰ লাইচেঞ্চ আছিল মৃত নুৰ আলীৰ। যুৱকজনে ৫০০ টকা দিছিল যদিও মানি লোৱা নাছিল ভৰলুমুখ আৰক্ষীয়ে (Bharalumukh Police) ৷ ইয়াৰ বিপৰীতে বাইকখন জব্দ কৰি ফাইন নিদিলে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। স্কুটিখনৰ নম্বৰ আছিল AS01EV1288।
সেই ঘটনাৰ পাছতে ঘৰলৈ আহি চিপ লৈ আত্মহত্যা (Youth Commits Suicide) কৰে ২১ বছৰীয়া যুৱকজনে। ইফালে নুৰ আলীৰ সৈতে একেলগে বাইকত অহা ৰাহুল আলী ঘটনাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে।
Photo & Input: ৰমেশ বৈশ্য
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-holding-urine-time-not-do-mistake/6652/
Discussion about this post