দেওবাৰে অনুষ্ঠিত হৈছিল ভাৰত-পাকিস্তানৰ টী২০ বিশ্বকাপ (T20WorldCup)। পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰিলেও যথেষ্ট ৰোমাঞ্চকৰ আৰু শ্বাসৰুদ্ধকৰ আছিল খেলখন। ইফালে এই শ্বাসৰুদ্ধকৰ খেলখনৰ মাজতে সংঘটিত হৈছে এটি কৰুণ ঘটনা (Tragic Incident)।
শিৱসাগৰৰ (Sivasagar) ভটিয়াপাৰৰ ভাস্কৰজ্যোতি চিনেমা হলত সংঘটিত হৈছে এই ঘটনাটো। ভাৰত আৰু পাকিস্তানৰ খেলখন চাই থকাৰ সময়তে কৰুণ মৃত্যুক সাৱটি লয় বিতু গগৈ (Bitu Gogoi) নামৰ এজন যুৱকে (Youth Died While Watching Ind Vs Pak Match)। বিতু গগৈৰ ঘৰ শিৱসাগৰৰ গণকপট্টীত।
তাত উপস্থিত থকা লোকসকলে জানিবলৈ দিয়া অনুসৰি ভাৰতে বেটিং কৰি থকা অৱস্থাত, চৰম উত্তেজনাপূৰ্ণ শেষৰটো অভাৰত চকীৰ পৰা উঠি চিঞৰ মাৰিছিল বিতু গগৈয়ে। তাৰপিছত, হঠাৎ বুকুত ধৰি হলৰ ভিতৰতে বহি পৰিছিল যুৱকজন। তাৰপিছত ততাতৈয়াকৈ যুৱকজনক জয়সাগৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় বিতুৰ।
কিছুদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল যুৱকজন। যুৱকজনে মৃত্যুৰ সময়ত তেওঁৰ ৫ মহীয়া অন্তঃসত্তা পত্নীক এৰি থৈ যায়।
Photo & Input: Parsis Ahmed
Discussion about this post