এডাল কুঁচিয়া মাছৰ (Monopterus cuchia) বাবে বজালী জিলাৰ (Bajali District) সদৰ পাঠশালাত (Sadar Pathsala) বৃহস্পতিবাৰে নিশা মৃত্যু হয় এজন যুৱকৰ (Youth Died)। জানিব পৰা মতে পাঠশালা জ্যোতিনগৰ (Pathsala Jyotinagar) নিবাসী পংকজ ৰয় নামৰ এজন যুৱকে ঘৰলৈ খাবলৈ অনা প্ৰায় ৩ৰ পৰা চাৰিশ গ্ৰাম ওজনৰ জীৱিত কুঁচিয়া মাছ কণমানি ভতিজাকৰ সৈতে মুখৰ সন্মুখত ৰাখি খেলা কৰি থকাৰ সময়তে অসাৱধানবশত পেটৰ ভিতৰলৈ সোমাই যায়।
অত্যন্ত পিছল কুচিয়ামাছডাল মুখগহ্বৰ সোমোৱাৰ পিছত বহু চেষ্টা কৰি উলিৱাই আনিব নোবাৰিলে। তাৰ কিছু সময়ৰ পিছত যুবকজনৰ সাধাৰণ পেটৰ বিষ আৰম্ভ হয়।
বুধবাৰে দিনৰ ভাগত স্বাস্থ্যৰ অৱনতি ঘটাত প্ৰথমে পাঠশালা অসামৰিক চিকিৎসালয়লৈ (Pathsala Civil Hospital) লৈ যোৱা হৈ যদিও প্ৰাথমিক চিকিৎসা অন্তত যাবলৈ দিয়া হয়।
কিন্তু ঘৰলৈ আহি পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্ত নিশা প্ৰায় ৯মান বজাত যুবকজনে কৰুণ মৃত্যুক সাৱটি লয়।
পংকজ পাঠশালা নগৰৰ ৰূপম হোটেলত ৰান্ধনী হিচাপে কৰ্মৰত আছিল। আজি পংকজৰ নশ্বৰ দেহ বৰপেটাৰ পৰা পাঠশালাৰ নিজ গৃহলৈ আনি অন্ত্য়েষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।
Photo & Input: কমল ডেকা
Published By: Dulu Medhi
Discussion about this post