বজালী(Bajali)ত এক কৰুণ ঘটনা সংঘটিত হয়। এটি ৩ বছৰীয়া পুত্ৰ সন্তান কোলাত লৈ পুখুৰীত জাঁপ দি আত্মহত্যা কৰে(Suicide) ৩০ বছৰীয়া মাতৃয়ে। এই ঘটনাৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি।
এই কৰুণ ঘটনাটোত মৃত্যু হোৱা মহিলাগৰাকীৰ নাম মালবিকা ডেকা। মহিলাগৰাকীৰ স্বামী মহাদেৱ বৰ্মণ বৰ্তমান উত্তৰাখণ্ডত কৰ্মৰত হৈ আছে।
এটা ৰাজহুৱা পুখুৰীত তিনিবছৰীয়া পুত্ৰ সন্তানসহ মাতৃগৰাকীয়ে জাঁপ দিয়ে। এই ঘটনা সংঘটিত হোৱাৰ পিছত বৃহস্পতিবাৰে নিশা এছ ডি আৰ এফ বাহিনীয়ে মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
স্বামীৰ সৈতে হোৱা সংঘৰ্ষৰ পিছতেই মাতৃ-পুত্ৰই আত্মহত্যা কৰা বুলি আৰক্ষীয়ে জনায়।
Photo: Googel





























Discussion about this post