শোণিতপুৰ (Sonitpur) জিলাৰ জামুগুৰিহাটৰ (Jamugurihat) উত্তৰাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict) ৷ নামেৰী বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে (Wild elephant) নিতৌ ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে নষ্ট সাধন কৰি আহিছে খেতি-পথাৰ ৷
বুধবাৰে নিশা অঞ্চলটোৰ ১নং বালিজুৰিত বনৰীয়া হাতীৰ গচকত মৃত্যু (Death) হয় দুটিকৈ শিশুৰ ৷ নিশা প্ৰায় ২ বজাত এটা বনৰীয়া হাতীয়ে ১নং বালিজুৰিৰ নিকুদ্দিন ছালাৰ ঘৰটো ভাঙি পেলোৱাৰ লগতে শুই থকা অবস্থাত তেওঁৰ দুই সন্তান ক্ৰমে ৯ বছৰীয়া কাৰমেলা ছাল আৰু ৭ বছৰীয়া ইষ্টিফান ছালক আক্ৰমণ কৰে ৷ পিছত ততাতৈয়াকৈ দুই সন্তানক উত্তৰ জামুগুৰি চিকিৎসালয়লৈ লৈ অনা হয় যদিও দুয়োৰে মৃত্যু ঘটে ৷
স্থানীয় ৰাইজে চৰকাৰক উক্ত অঞ্চলত বনৰীয়া হাতীৰ (Wild elephant) সন্ত্ৰাস প্ৰতিৰোধৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷
Photo & Input: প্ৰাঞ্জল বৰুৱা
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/lakhimpur-teacher-scam-in-assam/5353/
Discussion about this post