খাদ্যৰ সন্ধানত পুনৰ মানাহৰ বনাঞ্চলৰ (Manas National Park) পৰা জনাঞ্চললৈ ভালুক। গৃহস্থৰ অলক্ষিতে পাকঘৰত সোমাই আহাৰ গ্ৰহণ ভালুকৰ (Bear)। বাক্সাৰ (Baksa) দাউৰাই মাৰী গাঁৱত ভালুকৰ আতংক।
বুধবাৰে নিশা এটা পৰিয়ালৰ পাকঘৰত সোমাই ভাত খাই থকা অৱস্থাত ভালুকটো (Bear) প্ৰত্যক্ষ কৰে গৃহস্থই। তাৰ পিছতে হুৱাদুৱা লাগে পৰিয়ালটোত।
এই ঘটনাৰ বিষয়ে গম পাই বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা পশু চিকিৎসক ডাঃ প্ৰভাত বসুমতাৰীৰ নেতৃত্বত এটি বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হয়। তাৰ পিছতে বন বিভাগৰ লোকসকলে পুৱাই ভালুকটো ট্ৰেংকুলাইজড (Tranquillize) কৰিবলৈ সক্ষম হয়।
স্বাস্থ্য পৰীক্ষাৰ অন্তত মানাহৰ মঠনগুৰীৰ ঘন জংঘলত ভালুকটো মুকলি কৰি দিয়ে। উল্লেখ্য বৰ্তমানলৈকে মানাহৰ বনাঞ্চলৰ পৰা কাষৰীয়া অঞ্চলসমূহলৈ ওলাই অহা ১৫টা ভালুক উদ্ধাৰ কৰি বনবিভাগে (Forest Department) মানাহৰ (Manas National Park) ঘন জংঘলত মুকলি কৰি দিয়ে।
Photo & Input: জাহিৰুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/police-beaten-students-for-protest-at-bilasipara-in-assam/5334/
Discussion about this post