আলফা স্বাধীনে (Ulfa-I) অসম আৰক্ষীৰ গুপ্তচৰৰ অপৰাধত দুজন যুৱকক মৃত্যুদণ্ড বিহাৰ ঘটনাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে আলফা স্বাধীনত অসমীয়াৰ যোগদানৰ পুনৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ নিজৰ কণমানি সন্তানক এৰি আলফা স্বাধীনলৈ গ’ল এহাল পতি-পত্নী।
তিনিচুকীয়াৰ (Tinsukia) কাকপথাৰৰ (Kakopathar) স্বামী-স্ত্ৰী আলফা(স্বাঃ)লৈ (Ulfa-I) গমন! চাৰি বছৰীয়া কন্যাক এৰি অৰণ্যমুখী পিতৃ-মাতৃ। কাকপথাৰৰ ১নং চেলেংগুৰি গাঁৱৰ অচ্যুত নেওগ আৰু মমতা নেওগ নামৰ স্বামী-স্ত্ৰীয়ে আলফা(স্বাঃ) লৈ গমন কৰা তথ্য পোহৰলৈ আহিছে।
৫ মে’ত ডিৰাক কপাহতলি নামৰ ঠাইত থকা অন্য এখন ঘৰৰ পৰা চেলেংগুৰি গাঁৱৰ মূল ঘৰখনলৈ দুয়োগৰাকী আহিছিল আৰু সেইদিনাই ঘৰৰ পৰা ওলাই গৈছিল।
অচ্যুত নেওগৰ পিতৃয়ে জানিবলৈ দিয়া মতে, একমাত্ৰ পুত্ৰ অচ্যুতে ৫ মে’ত এটা ফোন কল অহাৰ পিছতে মাকে সাজি দিয়া ভাত আধাতে এৰি ঘৰৰ পৰা ওলাই গৈছিল। অচ্যুতৰ পিছে পিছে একে সময়তে ঘৰৰ পৰা ওলাই গৈছিল পত্নী মমতাও।
ইয়াৰ পিছতে একেদিনাই সন্ধিয়া তিনিচুকীয়াৰ সহকাৰী আৰক্ষী অধীক্ষকে অচ্যুতৰ পিতৃলৈ ফোন কৰি পুত্ৰ-বোৱাৰীয়ে আলফা স্বাধীনলৈ গমন কৰাৰ খবৰ দিয়ে।
কণমানি সন্তানটোক এনেদৰে এৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা পুত্ৰ-বোৱাৰীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে পিতৃয়ে। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো (Paresh Baruah) অচ্যুত আৰু মমতাক ঘূৰাই পঠিয়াবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালটোৱে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-bitter-gourd-seeds-for-benefits/8841/
Discussion about this post