হোজাই ডবকা টোলগেটত চাঞ্চল্যৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে টোলগেট কৰ্মচাৰীক পিষ্টল দেখুৱাই গুলিয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান। ভাবুকি প্ৰদান কৰি স্কৰপিঅ’ গাড়ী পাৰ কৰি লৈ যোৱা ঘটনাই টোল কৰ্মচাৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
ডবকা টোলগেটত গাড়ী চালকৰ সৈতে সামান্য কাজিয়া হ’লেই একাংশ টোলগেটৰ উগ্ৰ কৰ্মচাৰীয়ে হাতে হাতে লাঠি লৈ প্ৰহাৰ কৰাৰ অভিযোগো আছে এইখন টোল গেটত।
কিন্তু বৃহস্পতিবাৰৰ পিষ্টল দেখুৱাই টোল কৰ্মচাৰীক ভাবুকি প্ৰদান কৰি গাড়ী পাৰ কৰি গুচি গ’ল যদিও সাধাৰণ লোকক আক্ৰমণ কৰা টোলকৰ্মীসকলে নিৰৱ দৰ্শক হিচাপে প্ৰত্যক্ষ কৰিলে। শিহৰণকাৰী ভিডিঅ’ ফুটেজ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে।
Photo & Input: এবাদুৰ ৰহমান
Discussion about this post