বহু প্ৰতিক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা কৰা হ’ল ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা। পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে ভিক্টৰ দাস (Victor Das)। এই পৰীক্ষাত ভিক্টৰৰ ইনষ্টিটিউটৰ পৰা এহেজাৰতকৈও অধিক পৰীক্ষাৰ্থী লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে। যাক এতিয়া আনন্দ অনুভৱ কৰিছে ভিক্টৰ দাসে।
মঙলবাৰে নিশা কামৰূপৰ দদৰাৰ (Dadara) বাসগৃহত উপস্থিত হৈ এই সন্দৰ্ভত সাংবাদিকৰ সন্মুখত ভিক্টৰে প্ৰকাশ কৰিলে এক প্ৰতিক্ৰিয়া। তেওঁ ক’লে- ‘মই জেনুইন মানুহ, মই ভাগৰা নাই।’
উল্লেখযোগ্য যে ২৬ হাজাৰ পদৰ বাবে অনুষ্ঠিত হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস। অৱশ্যে পিছত জামিনত মুক্তি পাইছিল ভিক্টৰ দাসে।
কিন্তু জেলৰ পৰা ওলাই অহাৰ পিছতে টেট শিক্ষকৰ (Tet Teacher Job) চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল ভিক্টৰক (Victor Das Suspension From Tet Teacher Job)।
জামিন মুক্তিলাভ কৰাৰ পিছতে ভিক্টৰে পুনৰ আৰম্ভ কৰিছে নিজৰ কাম। ছাত্ৰ–ছাত্ৰীক পাঠদানৰ কাম আৰম্ভ কৰিছে ভিক্টৰ দাসে।
Photo: Google




























Discussion about this post