বিউটী পাৰ্লাৰক (Beauty Parlour)লৈ পৌৰ নিগমে (GMC) অলপতে জাৰি কৰিব মানক নির্দেশনা। কিন্তু এই SOP প্ৰকাশৰ আগেয়ে জানিব পৰা অনুসৰি, ইউনিছেক্স বিউটী পাৰ্লাৰ (Unisex Beauty Parlour)ত পুৰুষক মহিলাই কেইটামান চৰ্ত সাপেক্ষেহে মালিচ দিব পাৰিব। কোনো আছুতীয়া কোঠাৰ সলনি মুকলি স্থানতহে মহিলাই মালিচ দিব পাৰিব পুৰুষক। লগতে আৰু কেইটামান আছে চৰ্ত।
গুৱাহাটীৰ বিউটী পাৰ্লাৰ কৰ্তৃপক্ষ আৰু পৌৰ নিগম (GMC)ৰ মাজত হোৱা আলোচনা সন্দৰ্ভত অৱগত কৰাৰ সময়ত এই কথা প্ৰকাশ কৰে পৌৰ আয়ুক্তই। উল্লেখ্য, কেইদিনমান পূৰ্বে মহানগৰীৰ বিউটী পাৰ্লাৰত পুৰুষে মহিলাক বা মহিলাই পুৰুষক মালিচ দিয়াৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল।
এইক্ষেত্ৰত পৌৰ নিগমৰ বিৰুদ্ধে প্ৰতিবাদত নামিছিল পাৰ্লাৰ কৰ্তৃপক্ষ (Beauty Parlour authorities)। কিন্তু এতিয়া এই দিশৰ কিছু সংশোধনী আনি চৰ্ত সাপেক্ষে নতুন নিৰ্দেশনা দিয়া হ’ব।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/sivasagar-talented-boy-he-made-drone-camera/5079/
Discussion about this post