ঢকুৱাখনাত (Dhakuakhana) প্ৰেংক ভিডিঅ’(Prank Video) বনাবলৈ গৈ ৰাইজৰ লপাথপা খালে দুই ইউটিউবাৰে (2 Youtuber Beaten By Locals)। সামাজিক মাধ্যমত ভিউৱাৰ্ছৰ অন্যতম পচন্দ প্ৰেংক ভিডিঅ’। ৰাজহুৱা স্থানত অদ্ভুত আচৰণ কৰি, সাধাৰণ পথচাৰী বা আনক ভীতিগ্ৰস্ত কৰাৰ প্ৰেংক ভিডিঅ’ বনাই আহিছে বহুতেই। হিন্দী বা অইন ভাষাত ইউটিউবাৰে নিৰ্মাণ কৰা প্ৰেংক ভিডিঅ’ৰ ষ্টাইলত আজিকালি অসমতো অনেকে প্ৰেংক ভিডিঅ’ বনাবলৈ আৰম্ভ কৰিছে।
কিন্তু বহু সময়ত এই প্ৰেংক ভিডিঅ’ বনাবলৈ গৈ বিপদৰো সন্মুখীন হ’বলগীয়া হয় ইউটিউবাৰ। তেনে এক বিপদতে পৰিল অসমৰ দুজন ইউটিউবাৰো।
ঢকুৱাখনা থানাৰ (Dhakuakhana) অন্তৰ্গত পানীগাঁৱৰ ঢকুৱাখনা ধেমাজি সংযোগী গড়কাপ্তানী পথত প্ৰেংক ভিডিঅ’ বনাৱোৰ নামত দুই ইউটিউবাৰে হাতত নকল বন্দুক (Fake Pistol) লৈ পথচাৰীক ধনদাবী কৰাৰ অভিনয় কৰিছিল। তাৰ পিছতে ৰাইজৰ ৰোষৰ বলি হয় দুই Youtuber যুৱক।
উল্লেখ্য শুকুৰবাৰে পানীগাঁৱৰ ঢকুৱাখনা ধেমাজি সংযোগী পথৰ নিৰ্জন স্থানত মানুহ নোহোৱাৰ সুযোগ লৈ দুজন যুৱকে এজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক আগচি ধৰি নকল বন্দুক বুকুত থৈ তেওঁৰ পৰা ধন দাবী কৰে। ভয়ত কম্পমান লোকজনে কোনোমতে পলাই গৈ স্থানীয় ৰাইজক খবৰ দিয়েগৈ, ৰাইজে খবৰ পাই দুই যুৱকক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই ঢকুৱাখনা আৰক্ষীক খবৰ দিয়ে।
ইফালে যুৱক দুজনে কোৱা অনুসৰি- ‘সিহঁতে প্ৰেংক ভিডিঅ’হে বনাই আছিল। হিন্দীত এনেকৈ বন্দুক দেখাই কৰে অসমত কৰা নাছিল ভাবিলো কৰি চাও।’
শেষত আৰক্ষী উপস্থিত হৈ যুৱক দুজনক থানালৈ লৈ যায় আৰু নকল বন্দুকটো লগতে যুৱক দুজনৰ বাইকখনো জব্দ কৰে। যুৱক দুজনৰ নাম প্ৰিয়ম দলে আৰু মনজিৎ দলে। দুয়োজন যুৱকৰে ঘৰ ঢকুৱাখনাৰ বাহিৰ কপচাঙত। বিদুৎ বিভাগৰ কৰ্মচাৰীজনে বন্দুক দেখি ভয়ত মানসিকভাবে ভাগি পৰে বুলি আমাক জানিবলৈ দিয়ে।
Photo & Input: গিৰিশ বৰুৱা
Published By: Dulu Medhi
Discussion about this post