চৰকাৰী কাৰ্যালয়সমূহত চলি থকা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে (Fight Against Corruption) অব্যাহত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযান (Directorate Of Vigilance & Anti-Corruption)। লগতে ৰাজ্যত এতিয়া চাৰিওফালে চলিছে ঘোচ (Bribe) লোৱাৰ অঘোষিত প্ৰতিযোগিতা।
ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে যদিও একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে লিপ্ত হৈ আহিছে দুৰ্নীতিৰ সৈতে। প্ৰায় প্ৰতিদিনে ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ (Assam) হৈছে চৰকাৰী কৰ্মচাৰী (Govt Officer)।
এইবাৰ এটা দিনতেই দুজনকৈ চৰকাৰী কৰ্মচাৰী ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল (Arrest While Taking Bribe)। বৃহস্পতিবাৰে পুনৰ ঘোচ লৈ জালত পৰিল দুগৰাকী চৰকাৰী কৰ্মচাৰী। তামুলপুৰৰ (Tamulpur) উপ-পঞ্জীয়ক কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীক হাতে-লোটে গ্ৰেপ্তাৰ। ঘোচখোৰ কৰ্মচাৰীজনৰ নাম হৈছে গোপীনাথ দাস। উৎকোচ (Bribe) লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক (Directorate Of Vigilance & Anti-Corruption) শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে গোপীনাথ দাসক।
ইফালে গোলাঘাট (Golaghat) জিলাৰ বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত অভিযান চলাই বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আবকৰী বিভাগৰ কাৰ্যালয় সহায়কক।
ঘোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় বোকাখাত মহকুমা আবকৰী বিভাগৰ কাৰ্যালয় সহায়ক লোহিত ফুকন। উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰকে।
বিলাতী সুৰাৰ ব্যৱসায়ী নিলোৎপল ৰাজখোৱাৰ পৰা ধন লোৱাৰ সময়তে হাতে-লোটে ধৰিলে দুৰ্নীতি নিবাৰক শাখাই ৷
Photo: GP Singh
Published By: Dulu Medhi
Discussion about this post