তিনিচুকীয়াত (Tinsukia) এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ২৭ জুনৰ পৰা সন্ধানহীন দুগৰাকী ছাত্ৰী (2 Girls Missing)। ছাত্ৰী দুগৰাকী কেইবাদিনো ধৰি নিৰূদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
২৭ জুনৰ দুপৰীয়াৰ পৰা দুয়োগৰাকী ছাত্ৰী নিৰুদ্দেশ হৈ আছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক। জানিবলৈ দিয়া অনুসৰি তিনিচুকীয়াৰ (Tinsukia) বৰবড়ী নিবাসী পুস্পা চেতিয়াৰ কন্যা পাপৰি চেতিয়া আৰু শুকানপুখুৰী মাকুমৰ মানসী বাইলুং শইকীয়াৰ কন্যা নিকী বাইলুং সন্ধানহীন হৈ আছে। দুয়োগৰাকী পৰ্বতীয়া স্থিত আদৰ্শ বালিকা বিদ্যালয়ৰ ছাত্ৰী।
ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে দুয়োগৰাকীয়ে নিজৰ নিজৰ মোবাইল ঘৰতে এৰি থৈ যায় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। ইফালে ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে লিখি থৈ গৈছে এখন পত্ৰ। পত্ৰখনত সিহঁতক বিচাৰি নোযোৱাৰ কথা উল্লেখ কৰিছে।
কিন্তু কি কাৰণত ছাত্ৰীদুগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়ালৈ জানিব পৰা হোৱা নাই। ইতিমধ্যে পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপি এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।
উপায়হীন হৈ পৰিয়ালৰ লোকে এতিয়া কাষ চাপিছে সংবাদ মাধ্যমৰ। যদিহে কোনো সদাশয় লোকে ছাত্ৰী দুগৰাকীৰ সন্ধান লাভ কৰে তেন্তে ৯৯৫৭১২১২৮৯ নম্বৰত যোগাযোগ কৰি পৰিয়ালৰ লোকক অৱগত কৰিবলৈ অনুৰোধ জনাইছে।
Photo: News8 Northeast
Discussion about this post