ক’ত, কেতিয়া, কাক মৃত্যুৱে টানি লৈ যায় কোনোৱে নাজানে। মঙলবাৰে পুৱা সংঘটিত হয় এক কৰুণ ঘটনা (Tragic Accident)। দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিলে ৭ গৰাকী প্ৰাতঃভ্ৰমণকাৰীক (Truck Collided 7 Person)। দুৰ্ঘটনাটোত ৩ কিশোৰসহ প্ৰাণ হেৰুৱাইছে ৫ গৰাকীকৈ লোকে (5 Person Spot Died)।
দৰঙৰ (Darrang) ছিপাঝাৰত (Sipajhar) সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো (Horrific Road Accident)। ছিপাঝাৰৰ (Sipajhar) কলেজ চ’কৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ পুৱা খোজ কাঢ়িবলৈ অহা মহিলাসহ শাৰীৰিক অনুশীলনৰ বাবে অহা মহিলাসহ কিশোৰ ৮ গৰাকীক মহটিয়াই নিয়ে দ্ৰুতবেগী ট্ৰাকখনে ৷ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ ৷
উল্লেখ্য যে, মৃত ৩ কিশোৰ আছিল (3 Youth Died) মেট্ৰিক পৰীক্ষাৰ্থী। পৰীক্ষাৰ ফলাফল দিয়াৰ প্ৰাক্ক্ষণত কৰুণ মৃত্যুক সাৱটে ৩ কিশোৰে। দুৰ্ঘটনাত মৃত্যু মুখত পৰা তিনিজন কিশোৰ ক্ৰমে- ১৬ বছৰীয়া মৃত ইন্দাদুল হক, জিন্টু মণি আহমেদ আৰু ৰেকিব আলী। আনহাতে মৃত মহিলা দুগৰাকী (2 Women Died) হ’ল সংগীতা ডেকা শৰ্মা আৰু জয়মতী বৰুৱা।
আনহাতে এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ১৬ বছৰীয়া চাহিল আখতাৰ, ইজাজুল হক, ফাৰুক আহমেদ। এই শোকাৱহ ঘটনাৰ পিছতে আত্মীয়ক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালৰ লোক।
Photo & Input: Bhabesh Kalita
Discussion about this post