লাহৰীঘাটৰ (Laharighat) কলেজীয়া ছাত্ৰ হত্যাকাণ্ডৰ (Murder Case) মূল অভিযুক্তৰ আত্মসমৰ্পণ (Surrender)। কিছু সময় পূৰ্বে হত্যাকাৰী আনিছুৰ ৰহমানে মৰিগাঁও আৰক্ষীৰ (Morigaon Police) ওচৰত আত্মসমৰ্পণ কৰে। উল্লেখ্য যে,২৬ ফেব্ৰুৱাৰীত লাহৰীঘাটৰ ফাইজুৰ ৰহমান নামৰ কলেজীয়া ছাত্ৰক প্ৰথমে অপৰহণ পিছত হত্যা কৰিছিল।
ইফালে হত্যাকাৰী আনিছুৰ ৰহমানে আত্মসমৰ্পণ কৰাৰ পিছতে লাহৰীঘাটৰ কলেজীয়া ছাত্ৰ ফাইজুৰ ৰহমানৰ মৃতদেহ উদ্ধাৰ হয়। লাহৰীঘাটৰ পাতিদৈয়া বিলত উদ্ধাৰ হয় মৃতদেহটো। প্ৰেমিকা ৰাজানা আহমেদে নতুন প্ৰেমিক আনিছুৰ ৰহমানৰ সৈতে মিলি প্ৰথমে অপৰহণ কৰি পিছত হত্যা কৰি পাতিদৈয়া দলঙৰ সমীপতে বিলত পেলাই থৈ গৈছিল। আজি মূল অভিযুক্ত আনিছুৰৰ স্বীকাৰোক্তিত উদ্ধাৰ কৰে মৃতদেহটো। হাত-ভৰি বান্ধি মেটেকাৰ তলত লুকুৱাই থৈছিল মৃতদেহটো। প্ৰায় দহ দিন পিছত উদ্ধাৰ হ’ল মৃতদেহটো।
উল্লখযোগ্য যে, নতুন প্ৰেমিকৰ সৈতে মিলি পৰিকল্পনা কৰি অপহৰণ কৰিছিল পূৰ্বৰ প্ৰেমিক ফাইজুৰ ৰহমানক। তাৰ পিছত হত্যা (Murder)। স্নাতকৰ বিজ্ঞান শাখাৰ ছাত্ৰ আছিল হত্যাৰ বলি হোৱা ছাত্ৰ গৰাকী। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ (Morigaon District) লাহৰীঘাটত (laharighat)। ন-প্ৰেমিকৰ সৈতে মিলি পূৰ্বৰ প্ৰেমিকক হত্যা কৰিছিল প্ৰেমিকাই।
নতুন প্ৰেমিক আনিছুৰ ৰহমানৰ সৈতে মিলি পূৰ্বৰ প্ৰেমিকক হত্যা কৰিছিল ৰাজানা আহমেদে। হত্যাৰ বলি হোৱা প্ৰেমিক যুৱকজন দেৱাগুৰীৰ ফাইজুৰ ৰহমান ওৰফে ৰাব্বুল। যোৱা ২৬ ফেব্ৰুৱাৰীত কলেজলৈ বুলি ওলাই যোৱা ছাত্ৰ গৰাকী সন্ধিয়া পৰ্যন্ত উভতি অহা নাছিল ঘৰলৈ। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো সন্ধান পোৱা নাছিল ৰাব্বুলৰ। ৰাব্বুল বৰচিলা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতক মহলৰ ছাত্ৰ আছিল।
পাছত ৰাব্বুলৰ পৰিয়ালে লাহৰীঘাট আৰক্ষীৰ (laharighat Police) কাষ চাপিছিল। লাহৰীঘাট আৰক্ষীয়ে পৰিয়ালৰ লোকৰ অভিযোগৰ পাছতে অভিযোগ থকা প্ৰেমিকাগৰাকীক থানালৈ আনি সোধা-পোছা কৰিছিল। সেই সোধা-পোছাতেই স্বীকাৰ কৰিছিল সকলো কথা। কিয় কাৰ সৈতে কেনেকৈ হত্যা কৰিছিল ৰাব্বুলৰৰ।
Photo & Input: ছাদ্দাম হুছেইন
Discussion about this post