ধুবুৰী জিলাৰ (Dhubri District) বিলাসীপাৰাত (Bilasipara) এক শোকাৱহ পথ দুৰ্ঘটনা (Tragic Accident) সংঘটিত হৈছে। ৰে’লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই (Train And Cycle Collision)। শনিবাৰে পুৱা প্ৰায় ১০ বজাত বিলাসীপাৰাৰ সাপটগ্ৰামত (Sapatgram) এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হয়। সোণকোষ নদীৰ ওপৰত থকা ৰে’লৰ দলঙত সংঘটিত হৈছে এই ঘটনা।
ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী ৰে’লৰ খুন্দাত থিতাতে নিহত হয় সাপটগ্ৰাম যমুনাটাৰী গাঁৱৰ দুই পিতা-পুত্ৰ। চাইকেলেৰে গৈ আছিল দুয়োজনে। নিহত ইউছুফ আলী (৪০) আৰু ছাইদুৰ ইছলামৰ ঘৰ কোকৰাঝাৰ জিলাৰ জমুনাটাৰী গাঁৱত।

PWD ৰোড নথকাত সাপটগ্ৰামৰ নিকটৱৰ্তী গাঁও বালাপাৰা, ভেলাকোবা আদিৰ ৰাইজৰ একমাত্ৰ যাতায়তৰ পথ এই ৰে’লৱে ব্ৰীজখন। ৰে’ল চলাচলৰ সঠিক সময়ৰ জ্ঞান নথকাত আজিৰ এই মৰ্মান্তিক দুৰ্ঘটনাৰ সাক্ষী হৈ থাকিবলগীয়া হ’ল সাপটগ্ৰামবাসী ৰাইজ।
Photo & Input: Atowar Rahman




























Discussion about this post