এক শোকাৱহ ঘটনা (Tragic Incident) সংঘটিত হৈছে ঘগ্ৰাপাৰৰ (Ghograpar) সমীপৰ পাটকাটা গাঁৱত। ১০ ছেপ্টেম্বৰত নিজৰ ঘৰৰ পৰা বাইকেৰে কৰ্মস্থলী ঘগ্ৰাপাৰ হাইস্কুললৈ গৈ থাকোতে শিক্ষানুষ্ঠানখনৰ পৰা প্রায় ১০০ মিটাৰ দূৰত এক বাইক দুর্ঘটনা (Bike Accident) সংঘটিত হয়। সেই দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটী জি এন আৰ চি হাস্পতালত (Guwahati GNRC Hospital)। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! বুধবাৰে পুৱা প্ৰায় ৯ বজাত চিকিৎসাধীন হৈ থকা অৱস্থাতে শিক্ষকজনৰ মৃত্যু হয় (Teacher Died)।
ঘগ্ৰাপাৰৰ সমীপৰ পাটকাটা গাঁও নিবাসী তথা ঘগ্ৰাপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক হেমন্ত বৈশ্যৰ (৫৭) অকাল মৃত্যুত সমগ্ৰ ঘগ্ৰাপাৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।
অতি অমায়িক আৰু সহজ-সৰলভাৱে জীৱন নিৰ্বাহ কৰা শিক্ষকজনে ১৯৯০ চনত ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলত যোগদান কৰি শিক্ষকতা জীৱনৰ পাতনি মেলিছিল। অপ্ৰাদেশীকৰণ অৱস্থাত শিক্ষক হিচাপে কাম কৰাৰ পিছত ২০০৮ চনত ঘগ্ৰাপাৰ হাইস্কুলত যোগদান কৰিছিল।
হেমন্ত বৈশ্য (Hemanta Baishya) নলবাৰী জিলা ছাত্ৰ সন্থা, বৰবৰী আঞ্চলিক ছাত্র সন্থা, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন পদবীত থাকি সামাজিক কাম-কাজত জড়িত হৈ মৃত্যুৰ আগমুহূৰ্তলৈ পূব নলবাৰী আঞ্চলিক শংকৰ সংঘৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
ইফালে মৃত্যুৰ সময়ত অমায়িক শিক্ষকজনে এৰি থৈ যায় পত্নীসহ দুগৰাকী কন্যাক আৰু অনেক গুণমুগ্ধক। শিক্ষকজনৰ মৃতদেহ ঘগ্ৰাপাৰ হাইস্কুলত শোকাকুল পৰিৱেশৰ মাজত ৰাজহুৱাভাৱে শেষ বিদায় জনোৱা হয়।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/nagaon-family-broiler-farming-opening-issue-in-assam/11759/
Discussion about this post