ঈদৰ আনন্দৰ মাজতে নগাঁৱৰ (Nagaon) শিয়ালমাৰিত (Sialmari) কৰুণ পথ দুৰ্ঘটনা (Tragic Road Accident) সংঘটিত হয়। উদণ্ড বাইকাৰ্ছৰ খুন্দাত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে (Girl Student Spot Died)। দুৰ্ঘটনাটোত মৃত্যু হোৱা ছাত্ৰী গৰাকীৰ নাম নার্গিছ বেগম। ইফালে দুৰ্ঘটনা সংঘটিত কৰা যুৱকজনে হাস্পতালতে মৃত্যুৰ সৈতে যুঁজ দি আছে।
নিহত ছাত্ৰীগৰাকীৰ ঘৰ নগাঁও চহৰৰ সমীপৱৰ্তী শিয়ালমাৰিত। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা এ এছ ১২ জে০৭৯৪ নম্বৰৰ বাইকখন জব্দ কৰে নগাওঁ আৰক্ষীয়ে (Nagaon Police)। ছাত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে পৰিছে সমগ্ৰ শিয়ালমাৰি অঞ্চলত।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post