চৰাইদেউ সাপেখাতীৰ ঐতিহাসিক ধোদৰ আলিৰ ধনেখনাৰ সমীপত এক কৰুণ পথ দুৰ্ঘটনা সংঘটিত হয়। বিয়া খাবলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ডেৰ বছৰীয়া কন্যাসহ মাতৃয়ে।
দুলিয়াজান টিপলিঙৰ পৰা এখন হোণ্ডাই গ্ৰেণ্ড আই ১০ গাড়ীৰে সাপেখাতীত বিয়া খাবলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ দিয়ে।
বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ প্ৰকাণ্ড গছত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত আঢ়ৈ বছৰীয়া কন্যা বেদস্মীতা সোণোৱাল আৰু মাতৃ ভাগ্যলক্ষ্মী সোণোৱাল (২৩) ঠাইতে নিহত হয়। আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বিদ্যাধৰ সোণোৱাল, চিণ্টু ধাদুমীয়া আৰু পৰীনিতা ধাদুমীয়া।
Photo: Khatang Khobor




























Discussion about this post