সমগ্ৰ ৰাজ্যতে বানৰ বিভীষিকা অব্যাহত (Assam Flood)। বানত ককবকাইছে ৰাজ্যবাসী। হাহাকাৰ হৈছে এমুঠি অন্নৰ বাবে। এই সকলোৰে মাজতে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰাণ হেৰুৱাইছে বহু লোকে। কিন্তু এইবাৰ বানৰ বাবেই যদিও বিদ্যুৎস্পৃষ্ট (Electrocute) হৈ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় বৰপেটাৰ (Barpeta) এজন যুৱকে। এই হৃদয় বিদাৰক ঘটনাটোৱে (Tragic Incident) সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে কৃত্ৰিম বানৰ প্ৰভাৱ বৰপেটা জিলাতো (Barpeta District) পৰিছে। বানত বুৰ গৈছে বৰপেটা জিলৰ ৭নং ৱাৰ্ডৰ অন্তৰ্গত গায়নহাটী অঞ্চলো। বানৰ পৰিস্থিতিৰ বাবেই গায়নহাটীৰ পেছাত ই-ৰিক্সা চালক জ্যোতিকেশ গায়ন নামৰ যুৱকজনে মাতৃসহ আন ওখ স্থানত আশ্ৰয় লয়।
বান পৰিস্থিতি কিছু শাম কটাত যুৱকজনে নিজৰ ঘৰলৈ আহে। সেই সময়তে তেওঁ ঘৰৰ ইনভাৰ্টাৰটো অন হৈ থকা প্ৰত্যক্ষ কৰি সেইটো বন্ধ কৰিবলৈ চেষ্টা কৰোতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে ২৪ বছৰীয়া যুৱকজনৰ। ইফালে পুত্ৰৰ মৃত্যুৰ পিছতে শোকত ভাগি পৰিছে তেওঁৰ বিধৱা মাতৃ গোলাপী গায়ন।
বুধবাৰেও প্ৰাতঃ ভ্ৰমণলৈ গৈ কৰুণ মৃত্যুক সাৱটি লৈছিল টেট শিক্ষকে (Tet Teacher Died)৷ বিদ্যুৎ বিভাগৰ মৰণফান্দত পৰি মৃত্যুক সাৱটিছিল শিক্ষক ভৱেশ দাসে (Bhabesh Das)৷
মুগদি-ৰামপুৰ পথৰ ঘোঁৰাথালৰ এটা উন্মুক্ত বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰ তলত থকা পানী স্পৰ্শ কৰি মৃত্যুক সাৱটিছিল শিক্ষক ভৱেশ দাসে ৷ বৰপেটা জিলাৰ (Barpeta District) মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত গুৰলা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল ভৱেশ দাস ৷
বৰ্তমানলৈ অসমত বানপানীৰ (Assam Flood) ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ গৰাকীলৈ বৃদ্ধি পায়। চলিত বানপানীত অসমৰ মুঠ ৩১খন জিলাৰ ৫৪ লাখ লোক বৰ্তমানলৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় ১০৮০৩০.৯৮ হেক্টৰ কৃষিভূমি নষ্ট হৈছে।
Photo: Khatang Khobor
Published By: Dulu Medhi
Discussion about this post