ৰাজ্যত এতিয়া ভয়াৱহ বান পৰিস্থিতি (Assam Flood)। চাৰিওফালে কেৱল পানী আৰু পানী। নামনি অসমৰ লগতে মধ্য অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে লংকাৰ (Lanka) উদালিত (Udali) সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা (Tragic Incident)। পানীত পৰি কৰুণ মৃত্যুক সাৱটিলে দুটি কণমানি শিশুৱে (Two Child Drowned)।
লংকা উদালি কছাৰী গাঁৱৰ চুফিয়ান আলম (৯) আৰু জুনেইড আহমেদ (৫) নামৰ দুটি শিশুৰ পানীত পৰি মৃত্যু হয়। শুকুৰবাৰৰ আবেলি ৩বজাৰ পৰা নিখোজ হৈ আছিল শিশু দুটি যদিও পৰিয়ালৰ লোকে বিচাৰখোচাৰ কৰাত নিশা ঘৰৰ সন্মুখৰ বানতে উদ্ধাৰ হয় শিশু দুটিৰ মৃতদেহ।
ইতিমধ্যে ঘটনাস্থলীত উদালী আৰক্ষী (Udali Police) উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জুনেইড আলমৰ পিতৃৰ নাম নজৰুল হক আৰু চুফিয়ান আলমৰ পিতৃৰ নাম হানিফ আলী ৷
উল্লেখ্য যে, নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ। বহু ঠাইত মাথাউৰি ভাঙি যোৱাৰ ফলত বানত বুৰ গৈছে ৰাজ্যৰ বহু গাঁও। বানৰ ফলত ১৮খন জিলা প্ৰভাৱিত হৈছে, ইয়াৰে ভিতৰত গুৱাহাটী মহানগৰীও (Guwahati City) অন্তৰ্ভুক্ত।
এইবাৰৰ কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত ৪২ গৰাকী লোকে হেৰুৱাইছে প্ৰাণ। ইয়াৰে ভিতৰত মহানগৰীৰ নিজৰাপাৰত মঙলবাৰে পাহাৰ ভাঙি মাটিত পোত গৈ ৪জন শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লৈছিল। লগতে গোৱালপাৰাত ২টি কণমানি ভাতৃ-ভগ্নীয়ে হেৰুৱালে প্ৰাণ।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/assam-flood-hojai-jugijan-railway-station-affected/9846/
Discussion about this post