বকোৰ (Boko) বন্দাপাৰা চেখাদাৰীত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বনৰীয়া হাতী (Wild Elephant) খেদিবলৈ কৰা গুলীচালনাত (Firing) গুলীবিদ্ধ মাতৃ আৰু কন্যা। কন্যা শিশুটি নিহত (Death)। কন্যা শিশুটিৰ নাম আৰ্বি দৈমাৰী(৩)।
আঘাতপ্ৰাপ্ত মহিলাগৰাকী মালবিকা দৈমাৰী (২৫)। বন বিভাগে কৰা গুলীচালনাত (Firing) সংঘটিত হয় এই ঘটনা। পুৱাৰ ভাগত বন্দাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন গুৰুতৰভাৱে আহত (Injured)। আঘাতপ্ৰাপ্ত যুৱকজন সঞ্জয় দাস (৩০)।
পুৱতি নিশা সংঘটিত হয় এই অঘটন। খেতিপথাৰৰ পৰা বনৰীয়া হাতীৰ জাক এটা খেদিবলৈ গৈছিল ৰাইজে। এটা হাতীয়ে খেদি আহি আক্ৰমণ কৰে সঞ্জয় দাসক। ককাল আৰু বুকুৰ হাড় ভঙাৰ সন্দেহ যুৱকজনৰ।
অতি সংকটজনক অৱস্থাত মালবিকা দৈমাৰী (২৫) আৰু তেওঁৰ তিনি বছৰীয়া সন্তান আৰ বি দৈমাৰীক ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও শিশুটিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
Photo & Input: প্ৰীতম বায়ন
Discussion about this post