চৰাইদেউৰ (Charaideo) সাপেখাতী (Sapekhati) বৰুৱানগৰ কছাৰীপথাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। ৰাজপথত ছিঙি পৰি থকা বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী গৃহৰক্ষী জোৱানে (Home Guard Died Due To Electrocution)।
জানিবলৈ দিয়া অনুসিৰ, দেওবাৰে সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma) সভাত নিজৰ কৰ্তব্য পালন কৰি নিশা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি কৰ্মস্থান বৰহাটলৈ আহি থকা অৱস্থাত পথৰ ওপৰত ছিঙি পৰি থকা এডাল ১১ হাজাৰ ভল্ট’ৰ তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় জোৱানজনে।
বৰহাট আৰক্ষী থানাত (Barhat Police) গৃহৰক্ষী ৰূপে নিয়োজিত হেমন্ত গগৈ (২৮)ৰ ঘৰ সাপেখাতীৰ হাওঁফাওঁ গাঁৱত ৷ নিশা অহা এজাক প্ৰচণ্ড বতাহ ধুমুহাৰ ফলতেই বিদ্যুতৰ তাঁৰ ছিঙি পৰি পথত পৰি আছিল ৷ যাৰ ফলতেই সংঘটিত হ’ল এই শোকাবহ ঘটনাটো। এই ঘটনাৰ ফলতেই সমগ্ৰ অঞ্চলটোতে শোঁকৰ ছাঁ পৰিছে।
Photo & Input: Girish Baruah
Published By: Dulu Medhi
Discussion about this post