কলগাছিয়া (Kalgachia) ৰাজহ চক্ৰৰ অন্তৰ্গত বাংকাভাঙাত বুধবাৰে এটি দেৱ শিশুৰ সলিল সমাধি ঘটাত অঞ্চলব্যাপী শোকৰ ছাঁ পৰিছে (Baby Drownd In Flood)। কৃত্ৰিম বানপানীত (Artifical Flood) ডুবি অকাল মৃত্যুক সাৱটি লয় ডেৰ বছৰীয়া দেৱ শিশুটিয়ে। উল্লেখযোগ্য কলগাছিয়া আৰক্ষী থানা (Kalgachia Police) অন্তৰ্গত বাংকাভাঙা গাঁৱৰ আব্দুল মালেকৰ ডেৰ বছৰীয়া পুত্ৰ শ্বাকিবুল হাছানে আজি খেলি থকা অৱস্থাত ঘৰৰ চোতালত থকা কৃত্ৰিম বানপানীত ডুবি কৰুণ মৃত্যুক সাৱটি লয়।
লগে লগে শিশুটিক উদ্ধাৰ কৰি পৰিয়ালৰ লোকে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত্যু বুলি ঘোষণা কৰে। শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
বৰ্তমানলৈ অসমত বানপানীৰ (Assam Flood) ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৯ গৰাকীলৈ বৃদ্ধি পায়। চলিত বানপানীত অসমৰ মুঠ ৩১খন জিলাৰ ৫৪ লাখ লোক বৰ্তমানলৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় ১০৮০৩০.৯৮ হেক্টৰ কৃষিভূমি নষ্ট হৈছে।
Photo & Input: জেহেৰুল ইছলাম
Discussion about this post