ৰে’লযাত্ৰাৰ প্ৰাক মুহূৰ্তত ৰে’লপথৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শত আহি মৃত্যু (Death) পাইলটৰ (Train Pilot)। এই কৰুণ ঘটনা সংঘটিত হৈছে গুৱাহাটী ৰে’ল ষ্টেচনত (Guwahati Railway Station)। মঙলবাৰে নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই কৰুণ ঘটনাটো (Tragic Incident)।
এই ঘটনাত মৃত্যু হোৱা ৰে’ল চালকজনৰ নাম শিৱ শইকীয়া (Siva Saikia)। জানিব পৰা অনুসৰি, গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা মূর্কংচেলেক যাবলগীয়া লাচিত এক্সপ্ৰেছৰ পাইলট আছিল শিৱ শইকীয়া। যাত্ৰাৰ পূৰ্বে ৰে’লৰ ইঞ্জিনত পানী ভৰাবলৈ যোৱাৰ সময়তে বিদ্যুতৰ তাঁৰৰ সৈতে স্পৰ্শ হয়। মৃত শিৱ শইকীয়াৰ ঘৰ গুৱাহাটীৰ মালিগাঁৱত (Guwahati Maligaon)। বিদ্যুৎ প্ৰবাহিত হৈ শৰীৰৰ অধিকাংশতে অগ্নিদগ্ধ হয় ৰে’ল চালকজনৰ।
Photo & Input: News8 Northeast
Discussion about this post