কাছাৰ জিলাৰ (Cachar District) লক্ষীপুৰ মহকুমাত (Lakhipur) এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে (Tragic Incident)। বাশকান্দি আৰক্ষী চকীৰ অন্তর্গত ৰুপাইবালিত সংঘটিত হৈছে এই ঘটনাটো। কৃত্ৰিম বানৰ (Artificial Flood) বাবে ঘৰৰ পৰা দূৰৈত নিৰাপদ স্থানত বাস কৰি আছিল পৰিয়ালটো। কিন্তু যেতিয়া বান কমে তেতিয়া আপোন ঘৰখন চাবলৈ গৈছিল আকমদ হুছেইন নামৰ এজন লোকে।
কিন্তু যেতিয়া তাত উপস্থিত হৈ ঘৰখনৰ অৱস্থা দেখে তেওঁ সহ্য কৰিব নোৱাৰিলে। হাৰ্ট এটেক আহি কৰুণ মৃত্যুক সাৱটিলে লোকজনে (Man Died For Heart Attack)।

জানিবপৰা মতে, বৰাক নৈৰ বাঢ়নি পানী সোমাইছিল আকমদৰ ঘৰত। আকমদ হুছেইন ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল। এমাহ পূৰ্বে চৰকাৰী স্কুলৰ শিক্ষক হৈছিল লোকজন।
উল্লেখ্য বছৰৰ দ্বিতীয়টো বানে তচনচ কৰি পেলাইছে লক্ষীপুৰ মহকুমাক। মহকুমাৰ বৰাক, চিৰি আৰু জিৰি নৈৰ বাঢ়নি পানী বুৰাইছিল মহকুমাৰ শতাধিক গাঁও।
Photo & Input: নৈতিক শীল
Published BY: Dulu Medhi




























Discussion about this post