এক শোকাৱহ ঘটনা (Tragic Incident) সংঘটিত হৈছে শিলচৰত (Silchar)। নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আত্মহত্যা (Suicide Case) কৰে এগৰাকী ASI বিষয়াই। থানাৰ ভিতৰত চকীত বহিয়েই আত্মহত্যা (ASI Hhas Shot Himself) আৰক্ষী বিষয়া গৌৰবিন্দু (GaurBindu Sing) সিঙৰ (৫৩)। শিলচৰ সদৰ থানাৰ (Silchar Sadar Police Station) ভিতৰত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। নিজৰ চকীতেই ঢলি পৰিল আৰক্ষী বিষয়াগৰাকী।
উধাৰবন্দ সমষ্টিৰ (Udharband constituency) মইনাৰবন্ধৰ বাসিন্দা আছিল আৰক্ষী বিষয়াজন। দুপৰীয়া প্ৰায় ৩ বজাত আন আৰক্ষী বিষয়াসকলে গুলীৰ শব্দ শুনা পোৱাৰ লগে লগে ভিতৰলৈ দৌৰি যায়। আৰক্ষী বিষয়াজনৰ মৃতদেহ শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ (SMCH) প্ৰেৰণ কৰে। ঘটনাস্থলীত পৰিয়ালৰ লোক উপস্থিত হৈ হুৱা-দুৱা লগায়। বৰ্তমানলৈ জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ।
Photo & Input: Khatang Khobor
Discussion about this post