যোগীঘোপাৰ (Jogighopa) মালেগড়ত (Malegarh) এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে। নৈত গা ধুবলৈ গৈ সলিলসমাধি এটি শিশুৰ (7 Years Old Boy Drowned Into River)। গোবিন্দপুৰ গাঁৱৰ সঞ্জয় দাসৰ পুত্ৰ ৭ বছৰীয়া দ্বীপ দাসে কৰুণ মৃত্যুক সাৱটি লয়। সম্পৰ্কীয় এজন জ্যষ্ঠ ভাতৃৰ সৈতে ব্ৰহ্মপুত্ৰ-বেঁকী আৰু মানাহ সংযোগী থকা নৈত দ্বীপ দাসে গা ধুবলৈ গৈছিল।
শিশু দুটি নৈত পৰি ককবকাই থকা স্থানীয় একাংশ নাৱৰীয়াই দেখা পাই এটি শিশুক উদ্ধাৰ কৰিছিল যদিও দ্বীপ সন্ধানহীন হৈ পৰে। পিছত নৈত বহু সময় বিচাৰ খোচাৰ কৰি জালেৰে দ্বীপ দাসক উদ্ধাৰ কৰে।
মুমূৰ্ষ অৱস্থাত স্থানীয় একাংশ লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ অভয়াপুৰী ৰাজ্যিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। যোগীঘোপা আৰক্ষীয়ে (Jogighopa Police) মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ (Bongaigaon) প্ৰেৰণ কৰে। শিশুটিৰ এনে আকস্মিক মৃত্যুত পৰিয়ালটোৰ লগতে অঞ্চলটোত শোকৰ ছাঁ। কান্দোনৰ ৰোল উঠিছে পৰিয়ালটোত।
Photo & INput: আনোৱাৰ হুছেইন
Published By: Dulu Medhi




























Discussion about this post