কাৰছোৱাবৰী বৰামাৰীত এক কৰুণ ঘটনা সংঘটিত হয়। জাগীৰোড থানাৰ (Jagiroad) অন্তৰ্গত কাৰছোৱাবৰী বৰামাৰীত এই অঘটন। পুখুৰীত পৰি সলিলসমাধি এটি ৪ বছৰীয়া কণমানিৰ (4 Years Baby Drowned)। মৃত কণমানিটিৰ নাম ছামিমা আখতাৰা।
কাৰছোৱাবৰী বৰামাৰী গাঁৱৰ ছামচুল হকৰ ৪ বছৰীয় কন্যা ছামিমা আখতাৰাই সমনীয়াৰ সৈতে ঘৰৰ ওচৰত থকা এটা পুখুৰীৰ পাৰত খেলি থাকোতেই হঠাতে উজুটি খাই পানীত পৰি যোৱাৰ ফলত সংঘটিত হয় এই কৰুণ ঘটনাটো (Tragic Incident)।
ঘৰৰ মানুহ আৰু স্থানীয় ৰাইজৰ তৎপৰতাত কণমানিটিক পুখুৰীৰ পৰা উদ্ধাৰ কৰি ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে জাগীৰোড থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰা হয়।
Photo & Input: Khatang Khobor





























Discussion about this post