আজিৰ দিনটোতো বাঢ়নি পানীয়ে প্ৰাণ ল’লে দুই কণমানি ভগ্নীৰ (2 Sisters Drownd In Flood)। ধেমাজিৰ (Dhemaji) মাছখোৱাত (MachKhuwa) সংঘটিত হৈছে এই কৰুণ ঘটনাটো (Tragic Incident)। ৰাজ্যত চাৰিওফালে এতিয়া কেৱল পানী আৰু পানী। এই বান বিভীষিকাৰ (Artifical Flood) মাজতে সংঘটিত হৈছে বহু অঘটন। গন্ধিয়া নৈৰ বাঢ়নি পানীত পৰি মৃত্যু দুই কণমানি ভগ্নীৰ। জানিব পৰা মতে কণমানি দুটিয়ে খেলি থাকোতে হঠাৎ গন্ধিয়া নৈত বাগৰি পৰে।
আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-baby-drowned-in-flood-at-kalgachia-in-assam/9926/
গাঁওখনৰ উমা কান্ত পাৱৰৰ ৮ বছৰীয়া কন্যা অঞ্জু মণি পাৱ আৰু নীলকান্ত পাৱৰ কন্যা জীনামণি পাৱে (১০) প্ৰাণ হেৰুৱায়। দুয়ো সম্বন্ধীয় ভগ্নী। কনমানি দুটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসায়লতে মৃত্যু হয় কণমানি দুটিৰ।
ইফালে পৰিয়ালৰ লোকসকলে কণমানি দুজনীয়ে উপযুক্ত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।
উল্লেখ্য বুধবাৰেও কলগাছিয়া আৰক্ষী থানা (Kalgachia Police) অন্তৰ্গত বাংকাভাঙা গাঁৱৰ আব্দুল মালেকৰ ডেৰ বছৰীয়া পুত্ৰ শ্বাকিবুল হাছানে খেলি থকা অৱস্থাত ঘৰৰ চোতালত থকা কৃত্ৰিম বানপানীত ডুবি কৰুণ মৃত্যুক সাৱটি লৈছিল। লগে লগে শিশুটিক উদ্ধাৰ কৰি পৰিয়ালৰ লোকে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত্যু বুলি ঘোষণা কৰিছিল।
বৰ্তমানলৈ অসমত বানপানীৰ (Assam Flood) ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯১ গৰাকীলৈ বৃদ্ধি পায়। চলিত বানপানীত অসমৰ মুঠ ৩১খন জিলাৰ ৫৪ লাখ লোক বৰ্তমানলৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় ১০৮০৩০.৯৮ হেক্টৰ কৃষিভূমি নষ্ট হৈছে।
Photo & Input: ভৃগু কুমাৰ বৰুৱা
Published By: Dulu Medhi
Discussion about this post