এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে অভয়াপুৰীৰ (Abhayapuri) শাকোমুৰাত। পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে দুই নৱম শ্ৰেণীৰ ছাত্ৰ বন্ধুই (2 Friend Drown Into Pond)। মৃত ছাত্ৰ দুজনৰ নাম উমাচৰণ দাস আৰু কল্যাণ দাস বুলি জানিব পৰা গৈছে।

ছাত্ৰদ্বয় শাকোমুৰা মজলীয়া বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। বিদ্যালয় ছুটীৰ পিছত কেইবাজনো বন্ধুৰ সৈতে এটা পুখুৰীত (Pond) গা ধুবলৈ গৈছিল ছাত্ৰ দুজনে। কিন্তু সাঁতুৰিব নজনা বাবে দুয়ো বন্ধুৱে একেলগে হেৰুৱালে প্ৰাণ। পুখুৰীটো যথেষ্ট দ’ আছিল বুলি স্থানীয়ে ৰাইজে জানিবলৈ দিয়ে। স্থানীয় ৰাইজে উদ্ধাৰ কৰে ছাত্ৰ দুজনৰ মৃতদেহ (Deadbody Recover)। ঘটনাক লৈ এতিয়া অঞ্চজুৰি পৰিছে শোকৰ ছাঁ।
Photo & Input: আনোৱাৰ হুছেইন
Published By: Dulu Medhi




























Discussion about this post