সৰ্থেবাৰীৰ (Sarthebari) পাৰাহকুছিত সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। পানীত পৰি মৃত্যু হয় এটি আঢ়ৈ বছৰীয়া শিশুৰ (Baby Drowned)। পিতৃ চুভাস দাস আৰু মাতৃ মিতালি দাসৰ একমাত্ৰ ছোৱালীৰ মৃত্যু। জানিব পৰা মতে তেওঁলোকৰ ঘৰ পাৰাহকুছিত বুলি জানিব পৰা গৈছে ৷ মৃত কণমানিটিৰ নাম বিস্মিতা দাস বুলি জানিব পৰা গৈছে। চোতালত হোৱা বানপানীয়ে প্ৰাণ কাঢ়িলে কণমানিটিৰ।
ইফালে একেই কৰুণ ঘটনা সংঘটিত হৈছে নগাঁৱৰ (Nagaon) কামপুৰৰ (Kampur) দাপাৰাত। বাঢ়নি পানীত পৰি এটি ৩ বছৰীয়া শিশুৰ কৰুণ মৃত্যু (3 Years Old Baby Died)। মৃত শিশুটিৰ নাম আৰিয়ান বুলি জানিব পৰা গৈছে। ঘৰৰ পিছফালে থকা বাঢ়নি পানীত পৰি মৃত্যু হয় শিশুটিৰ। কামপুৰৰ (Kampur) বানত নিহতৰ সংখ্যা ৭ জনলৈ বৃদ্ধি।
Photo & Input: কমল ডেকা, আমিনুল হক
Discussion about this post