ফকিৰগঞ্জৰ পৰা হাটশিঙীমাৰী লৈ গৈ থকা অৱস্থাত পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰীৰ অন্তৰ্গত গোমাইঝোৰাত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই পথ দুৰ্ঘটনাত ফৰিদুল ইছলাম নামৰ এজন ২২ বছৰীয়া যুৱকে হেৰুৱালে প্ৰাণ।
৫জন বন্ধুয়ে দুখন বাইকেৰে হাটশিঙীমাৰী অভিমুখে গৈ আছিল টিকটক ভিডিঅ’ বনোৱাৰ উদ্দেশ্যেৰে ৷ উল্লেখ্য ফৰিদুল ইছলামে টিকটক ভিডিঅ’ বনাই ইউটিউবত এটা চেনেল খুলিছিল ৷ ফৰিদুল দক্ষিণ শালমাৰাত এজন জনপ্ৰিয় ইউটিউবাৰ হিচাপে জনাজাত আছিল ৷
কিন্তু নিয়তিৰ কি পৰিহাস টিকটক ভিডিঅ’ কৰিবলৈ গৈ দেওবাৰে বাইক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হয় ফৰিদুল ইছলামে ৷ আন ৪জন যুৱক ফুলবাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
বাইক দুৰ্ঘটনাত পতিত হৈ ওচৰতে থকা এটা খাৱৈত বাগৰি পৰে আৰু আহত হৈ খাৱৈতে মৃত্যুবৰণ কৰে ৷
Photo & Input: সামিম জাকাৰিয়া
Discussion about this post