তিনিচুকীয়াৰ (Tinsukia) সাংবাদিক বিকাশ মৰাণৰ আত্মহনন (Suicide Case)। সংবাদ মহলত গভীৰ শোকৰ ছাঁই বিৰাজ কৰিছে ৷ পিষ্টলেৰে গুলিয়াই আত্মহনন (Suicide Case) কৰে সাংবাদিক বিকাশ মৰাণে ৷
মঙলবাৰে নিশা ১১ বজাত নিজ বাসগৃহৰ শুৱনি কোঠাত মূৰত দুই জাঁই গুলী ফুটুৱাই আত্মহনন (Suicide Case) কৰে সাংবাদিকগৰাকীয়ে ৷ উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণে অসমৰ কেইবাটাও ইলেক্ট্ৰ’নিক সংবাদ মাধ্যমত কাম কৰিছিল ৷ মাতৃ, পত্নীৰ লগতে তিনি সন্তানক এৰি থৈ গৈছে বিকাশ মৰাণে (Bikash Moran)।
সমাজ সচেতন সাংবাদিকগৰাকীয়ে কিয় এনে চৰমপন্থা হাতত ল’লে এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ ইতিমধ্যে আৰক্ষী প্ৰশাসনে সমগ্ৰ বিষয়টো তদন্ত অব্যাহত ৰাখিছে ৷
Photo & Input: দিব্যপ্ৰতীম চেতিয়া
Discussion about this post