মাজুলী প্ৰতিভাসম্পন্ন শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ (Tejaswita Baruah Death) পিছতে মাজুলীৰ (Majuli) লগতে সমগ্ৰ ৰাজ্যত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। তেজস্বিতাক হেৰুৱাই চকুৰ পানীৰে বাট নেদেখা হৈছে পিতৃ-মাতৃ।
শংকৰ জন্মোৎসৱত বৰগীত গাই থকা অৱস্থাতে অসুস্থ হৈ পৰা তেজস্বিতাক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও কিছু সময়ৰ ভিতৰতে কৰুণ মৃত্যুক সাৱটি লৈছিল কণমানি শিল্পীগৰাকীয়ে।
ভুল চিকিৎসাৰ বাবেই গড়মূৰৰ পীতাম্বৰ দেৱ গোস্বামী অসামৰিক হাস্পতালত (Majuli’s Garmur Civil Hospital) তেজস্বিতাৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে।
এই ঘটনাৰ পিছতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নিৰ্দেশত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshab Mahanta) খবৰ ল’বলৈ উপস্থিত হয় তেজস্বিতাৰ ঘৰত। মন্ত্ৰীগৰাকীক দেখাৰ লগে লগে হুকহুকাই কান্দি উঠে পিতৃ।
হাত জোৰ কৰি তেজস্বিতাৰ দুৰ্ভগীয়া পিতৃৰ স্বাস্থ্যমন্ত্ৰীক জনালে কাতৰ আহ্বান- ‘ছাৰ, মোৰ তাই একমাত্ৰ ছোৱালী আছিল। বুকু খালি কৰি গ‘লগৈ। চিকিৎসকৰ অবহেলা আৰু পৰ্যাপ্ত সুবিধা নথকাৰ বাবেই মৃত্যুৰে যুঁজি-যুঁজি অৱশেষত হাৰ মানিলে।‘তাই গ‘লগৈ, কিন্তু মোৰ ছোৱালীৰ দৰে যাতে অন্য কাৰো এনেদৰে প্ৰাণ নাযায়, মাজুলীত এখন ভাল হাস্পতাল দিয়ক ছাৰ।’
শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগ উত্থাপন হৈছে মাজুলীৰ স্বাস্থ্যখণ্ডলৈ। ৰাইজৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছে মাজুলীৰ কমলাবাৰী দৰিয়া গাঁৱৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই। জৰুৰীকালীনভাবে তেজস্বিতাক প্ৰদান কৰিবলৈ অক্সিজেনৰ ব্যৱস্থা নাছিল মাজুলীৰ চিকিৎসালয়খনত (Majuli’s Garmur Civil Hospital)। তেজস্বীতাৰ মৃত্যুৱে উদঙাই দিলে মাজুলীৰ স্বাস্থ্যখণ্ডৰ পুতৌজনক ছবিখনো।
মাজুলীৰ দৰিয়া গাঁৱৰ ৰাইজ আৰু পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি, গড়মূৰৰ জিলা চিকিৎসালয়ত প্ৰায় এক-ডেৰ ঘণ্টা অচেতন হৈ থকাৰ পিছতো তেজস্বিতাক অক্সিজেনৰ যোগান বা ICUত ভৰ্তি নকৰাকৈ বেজী চেলাইন দিয়েই দায়িত্ব সামৰিছিল চিকিৎসালয়খনে।
ইফালে এই ঘটনাৰ পিছতেই নিলম্বন কৰা হৈছে মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামীক (The Superintendent, Dr Amulya Goswami Suspended)।
Photo: Khatang Khobor
Discussion about this post