মল্লযোদ্ধা সাগৰ ধনখড়ৰ হত্যাকাণ্ড সন্দৰ্ভত তিহাৰ জেলত বন্দী হৈ থকা মল্লযোদ্ধা সুশীল কুমাৰক শুকুৰবাৰে দিল্লীৰ মণ্ডোলী জেললৈ স্থানান্তৰ কৰা হয়।
সুশীল কুমাৰক ২ নম্বৰত জেলত ৰখা হয়। তিহাৰ জেলৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছত কেইবাগৰাকীও আৰক্ষী কৰ্মীয়ে অভিযুক্ত সুশীল কুমাৰৰ সৈতে ছেল্ফী লয় আৰুএতিয়া সুশীল কুমাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
সুশীল কুমাৰ বিজেতাৰ পৰা হত্যাকাৰীলৈ কেনেকৈ পৰিণত হ’ল?
উল্লেখ্য ২০০৮ত মল্লযোদ্ধা সুশীল কুমাৰে অলিম্পিক পদ আজুৰিছিল আৰু তেতিয়াৰে পৰা তেওঁ জীৱনে গতি সলনি কৰিছিল। কিন্তু সাগৰ ধনখড় হত্যাকাণ্ডই সুশীলক বিজেতাৰ পৰা হত্যাকাৰীলৈ সলনি কৰিলে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সুশীল কুমাৰসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল।
সাগৰ ধনখড়ৰ সৈতে কৰিছিল মাৰপিট
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ২০২১ৰ ৪ আৰু ৫ মে’ৰ মাজনিশা সুশীল কুমাৰে নিজৰ সংগীৰ সৈতে মিলি মল্লযোদ্ধা সাগৰ ধনখড়ৰ সৈতে প্ৰচণ্ড মাৰপিটত লিপ্ত হয়। ঘটনাৰ সময়ত সুশীলৰ সৈতে ১২-১৫জন লোক আৰু ৩খন বাহন আছিল। ইয়াৰে এজন লোকৰ হাতত আছিল পিষ্টল, লোকজনৰ পৰিচয় প্ৰীঞ্চ বুলি চিনাক্ত হৈছিল। প্ৰীঞ্চকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
সুশীল কুমাৰে নিজে ভিডিঅ’ কৰিছিল
সূত্ৰ অনুসৰি, সুশীল কুমাৰে নিজে ঘটনাৰ ভিডিঅ’ প্ৰস্তুত কৰিছিল যাতে আন মল্লযোদ্ধাসকলক দেখুৱাব পাৰে যে, যিয়ে সুশীল কুমাৰৰ কথা নুশুনে তেওঁলোকৰ অৱস্থা কি হ’ব।
Photo: Google
Discussion about this post