ছনী টিভিৰ ৰিয়েলিটী শ্ব’ত জিলিকিল অসম কন্যা। যোৰহাট জিলাৰ ফ্লৰিনা গগৈয়ে ( FLorina Gogoi) ডান্স ৰিয়েলিটি শ্ব’ Super dencer Chapter 4ৰ বিজয়ীৰ খিতাপ দখল কৰে। ফ্লৰিনাক ১৫ লাখ টকাৰ পুৰষ্কাৰৰ ধনৰ সৈতে Super dencerৰ ট্ৰফীটো লাভ কৰিছে। ফ্লোৰিনাৰ গুৰু তুষাৰ চেট্টীকো নগদ পুৰস্কাৰ হিচাপে ৫ লাখ টকাৰে পুৰস্কৃত কৰা হৈছে।
বিচাৰক শিল্পা চেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসুৱে শনিবাৰে ছিজনৰ ফাইনেল খণ্ডত তেওঁক ট্ৰফী প্ৰদান কৰে।
শিল্পা চেট্টী কুন্দ্ৰা, গীতা কাপুৰ আৰু অনুৰাগ বসুৰ দ্বাৰা বিচাৰ কৰা, চুপাৰ ডান্সাৰ অধ্যায় ৪ ঋত্বিক ধনজানি আৰু পৰিতোষ ত্ৰিপাঠীয়ে পৰিচালনা কৰিছে। ফ্লোৰিনাৰ উপৰিও আন ফাইনেলিষ্টসকলৰ ভিতৰত আছিল সঞ্চিত চানানা, প্ৰুথভিৰাজ কংগাৰী, এষা মিশ্ৰা আৰু নীৰজা তিৱাৰী। প্ৰতিগৰাকী ৰানাৰ-আপকে ১-১ লাখৰ চেক প্ৰদান কৰে।
ইয়াৰ উপৰি পাঁচোজন ফাইনেলিষ্টে শ্ব’ পৃষ্ঠপোষকৰ পৰা ৰেফ্ৰিজেৰেটৰ আৰু এয়াৰ পিউৰিফায়াৰ আৰু অংশীদাৰ বেংকৰ পৰা ৫১,০০০ টকাৰ ফিক্সড ডিপজিট প্ৰমাণপত্ৰ লাভ কৰে।
ফেচবুকেৰে ধন্যবাদ-
খিতাপ অৰ্জনৰ পিছত ফ্লৰিনাই ফেচবুকৰ জৰিয়তে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰি কয় যে, ‘আজি আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই জয়ী হ’লো। সকলো অসমবাসী ৰাইজক ধন্যবাদ জনাইছো। মোক ভোট দিয়া বাবে ধন্যবাদ ভাৰতবাসী’। ফ্লৰীনাৰ ঘৰ যোৰহাটৰ ধেনুচোচাত।
Photo: Facebook
Discussion about this post