শিক্ষকৰ বিৰুদ্ধে অভিযোগ শিষ্যৰ। পৰীক্ষা দিবলৈ গৈ বিদ্যালয়ত উজুটি খাই পৰি আহত হোৱাৰ পিছতো বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু আন আন শিক্ষকে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।
বিদ্যালয়ত আধা ঘণ্টা সময় আহত অৱস্থাতে পৰি থাকিল ছাত্ৰজন কিন্তু শিক্ষকে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ আনিছে ছাত্ৰই। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ (Biswanath) সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।
পৰীক্ষা আৰম্ভ হোৱাৰ আগত বাহিৰলৈ গৈছিল ছাত্ৰজন আৰু পৰীক্ষাৰ ফাইনেল বেল পৰা শুনি পৰীক্ষা হললৈ ততাতৈয়াকৈ অহাৰ সময়তে উজুটি খাই পৰে ছাত্ৰজন ৷ দুৰ্ঘটনাটোত বাওঁ হাতখন ভাঙি যায় ছাত্ৰজনৰ।
পৰি থকা অৱস্থাত দেখি আন ছাত্ৰই শিক্ষকক খবৰ দিয়ে যদিও কোনো গুৰুত্ব প্ৰদান নকৰে শিক্ষকে। প্ৰায় আধা ঘণ্টা সময় বিষত ছটফটাই সেই স্থানতে পৰি থাকিল ছাত্ৰজন। পিছত বিদ্যালয়খনৰ আন ছাত্ৰই উঠাই ছাত্ৰজনক ওচৰৰে স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়।
ইতিমধ্যে বিশ্বনাথ চাৰিআলিৰ জে কে হাস্পতালত অস্ত্ৰোপ্ৰচাৰ চলোৱা ছাত্ৰজন চিকিৎসাধীন অৱস্থাত আছে ৷ ৰবিউল আলম নাম ছাত্ৰজন সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেনীৰ ছাত্ৰ ৷
Photo & Input: পিন্টু শইকীয়া
Discussion about this post