মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সংবাদমেল।
সংবাদমেলতে এই কথা ঘোষণা কৰিলে শিক্ষা মন্ত্ৰীগৰাকীয়ে। ৩১ জুলাইৰ পূৰ্বে ঘোষণা কৰা হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফলাফল। প্ৰি ব’ৰ্ড পৰীক্ষাৰ ফলাফলৰ ভিত্তিত হ’ব মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল। প্ৰি ব’ৰ্ড পৰীক্ষাৰ ৰেকৰ্ড নথকা বিদ্যালয়ৰ বাবে লোৱা হৈছে বিকল্প ব্যৱস্থা।
নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশ নম্বৰ দিয়া হ’ব। ২০ শতাংশ নম্বৰ শিক্ষকে নিৰূপন কৰিব। উপস্থিতি-নিয়মানুৱৰ্তিতাৰ পৰা থাকিব ২০ শতাংশ নম্বৰ।
যি বিদ্যালয়ত দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই তেনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ৭০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা দিয়া হ’ব। বাকী ৩০ শতাংশ নম্বৰ শিক্ষকে নিৰূপন কৰিব। এইবাৰ নাথাকিব স্থান, ষ্টাৰ, ডিষ্টিংছন আদিৰ ব্যৱস্থা। দিব্য়াংগ শিক্ষাৰ্থীৰ নম্বৰ বিদ্যালয়ৰ পৰা দিয়া হ’ব।
Photo: Google





























Discussion about this post