ৰাজ্যত চলি থকা মাধ্যম বিতৰ্কৰ মাজতে ৰাজ্যৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে (Singer Zubeen Garg)। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জুবিন গাৰ্গে কয় যে- ‘কি দোধোৰ মোধোৰ চলি আছে মই নাজানো। শিক্ষা বস্তুটো আচলতে মোৰ কাৰণে অলপ বেলেগ, কাৰণ মই BA পাছে কৰা নাই। কিন্তু মই এতিয়ালৈকে ১২ হাজাৰ মান কিতাপ পঢ়িছো। গতিকে এই ক্ষেত্ৰত কিবা কোৱাৰ আগত মই চাব লাগিব। CM ছাৰৰ লগত কথা পাতিম বাৰু পিছত।
শেহতীয়াকৈ হৈ যোৱা তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জুবিন গাৰ্গে। জুবিনে কয়- ‘ভাল কথা, বহু ল’ৰা-ছোৱালীয়ে পৰীক্ষা দিছে। পৰীক্ষাত বেয়া ফলাফল কৰাসকলক টকা ঘূৰাই দিয়াটো ভাল পদক্ষেপ। উঠি অহা প্ৰজন্মৰ বাবে চৰকাৰে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰক। উঠি অহা প্ৰজন্মক হতাশ হ’বলৈ দিব নালাগে। তেওঁলোকে আমাৰ ভৱিষ্যত। গছৰ গুটি ভাল হ’লে গছজোপা ভাল হ’বই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জুবিনে।
সোমবাৰে চন্দ্ৰপুৰত বৃন্দাবন থিয়েটাৰৰ শুভ নাট্যৰম্ভ অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গ (Singer Zubeen Garg)। মঞ্চৰ ফিটা কাটি নাটকৰ শুভ উদ্বোধন কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে।
সকলোকে থিয়েটাৰ চোৱাৰ লগতে অসমীয়া চিনেমা চাবলৈ আহ্বান জনাই জুবিনে ‘কা’ (CAA) আন্দোলনক লৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। ‘কা’ আন্দোলনক লৈ জুবিনে ক’লে – ‘কা’ আন্দোলনৰ প্ৰতি সমৰ্থন আছে যদিও এইবাৰ ‘কা’ আন্দোলনত ভাগ নলওঁ।’
Photo: Google
Discussion about this post