দীৰ্ঘদিনৰ পিছত আৰক্ষীৰ পোছাকত দেখা পোৱা গ’ল বিতৰ্কিত SI জোনমণি ৰাভাক (Junmoni Rabha)। সোমবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আৰক্ষীৰ পোছাকত দেখা পোৱা গ’ল জোনমণিক (Junmoni Rabha)।
উল্লেখ্য যে, জোনমণিৰ বিৰুদ্ধে প্ৰেমিক ৰাণা প’গাগৰ সৈতে মিলি ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছিল। উল্লেখ্য প্ৰৱঞ্চনাৰ অভিযোগত নিজৰ হ’বলগীয়া স্বামীক গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চিত হোৱা অসম আৰক্ষীৰ (Assam Police) উপ-পৰিদৰ্শক জোনমণি ৰাভাক (SI Junmoni Rabha) সেই একেটা গোচৰতে মাজুলী গড়মূৰ আৰক্ষীয়ে (Majuli Garhmoor Police) ৪ জুনত গ্ৰেপ্তাৰ (Arrest) কৰিছিল।
হ’বলগীয়া স্বামীৰ সৈতে মিলি বহু লোকৰ পৰা ঠগ-প্ৰৱঞ্চনাৰে ধন সংগ্ৰহত জড়িত থকাৰ অভিযোগত গড়মূৰ আৰক্ষীয়ে (Garhmoor Police) জেৰা চলাই আছিল। জোনমণিৰ দুটা বেংক একাউন্টত প্ৰৱঞ্চনাৰে আহৰণ কৰা প্ৰায় ২০ লাখ টকা জমা হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল। গড়মূৰ আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি, কানাড়া বেংকৰ গড়মূৰ শাখাত থকা একাউণ্টত ১১,৩৩,১৭৪ টকা আৰু এক্সিছ বেংকৰ একাউণ্টত সোমাইছিল ৯,১৪, ২৬৯ টকা।
আনহাতে প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ (Arrest) হোৱাৰ পিছতে চাকৰিৰ পৰাও নিলম্বন কৰা হৈছিল জোনমণি ৰাভাক। কিন্তু ৮ জুলাইত জামিনত মুক্তিলাভ কৰাৰ পিছতে তেওঁ পুনৰ আৰক্ষীত যোগদান কৰে।
নগাঁৱতে (Nagaon) পুনৰ যোগদানৰ সুযোগ লাভ কৰা জোনমণি ৰাভাক সোমবাৰে দেখা পোৱা গ’ল নৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কৰ্তব্য সম্পাদন কৰা। পুনৰ খাকী পোছাকত জনমানসৰ চকুত পৰা জোনমণি ৰাভাক লৈ সেয়ে এতিয়া সামাজিক মাধ্যমতো চলিছে চৰ্চা।
Photo: Google
Published By: Dulu Medhi
Discussion about this post