বঙাইগাঁৱত (Bongaigaon) সংঘটিত হৈছে এক চৰম লজ্জাজনক ঘটনা। পিতৃ-পুত্ৰই মিলি এগৰাকী মহিলাক ধৰ্ষণ (Rape) কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই জঘন্য ঘটনা সংঘটিত হৈছে নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত। কিছু পলমকৈ পোহৰলৈ আহিছে এই ঘটনা।
ঘটনাৰ বিৱৰণী অনুসৰি স্থানীয় মহিলা এগৰাকীৰ স্বামী কৰ্মসূত্ৰে বহিঃৰাজ্যত থকাৰ সুযোগ গ্ৰহণ কৰি পিতৃ-পুত্ৰই চলাই আহিছে শাৰীৰিক তথা যৌন নিৰ্যাতন (Sexual Harasment) । অভিযুক্ত বদিয়ত জামাল আৰু তেঁওৰ পুত্ৰ আবেদ আলীয়ে সংঘটিত কৰিছে জঘন্য ঘটনা।
উল্লেখ্য বদিয়ত জামাল ভিডিপিৰ সম্পাদক তথা এলেকাটোৰ একচেত্ৰী মাতব্বৰী। বঙাইগাঁও সদৰ থানাত (Bongaigaon Police) দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি কেৱল সেয়াই নহয় মহিলাগৰাকীৰ এখন নগ্ন ফটো উঠাই দীৰ্ঘদিনৰে পৰা ব্লেক মেইলিং কৰি আহিছে মহিলাগৰাকীক।
আনকি এই ফটো স্থানীয় ৰহেন আলী আৰু মিথুন আলীৰ হাতত পৰাত এই দুই যুৱকেও মহিলা গৰাকীক ব্লেক মেইলিং কৰি চলাই আহিছে যৌন নিৰ্যাতন। কিন্তু শেহতীয়াকৈ মহিলাগৰাকীৰ স্বামী ঘৰলৈ উভতি অহাত সকলো কথা পোহৰলৈ আহে আৰু এজাহাৰ দাখিল কৰে।
উল্লেখ্য এজাহাৰ দাখিল কৰাৰ পিছতে মতব্বৰী বদিয়ত জামালৰ একাংশ সমৰ্থকে মহিলাগৰাকীক মুখত ৰং সানি তালিবানী শাস্তি প্ৰদান কৰে। ইমানৰ পিছতো বৰ্তমানলৈ ঘটনাৰ মূল অভিযুক্ত বদিয়ত জামাল, আবেদ আলী, ৰহেন আলী আৰু মিথুন আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা আৰক্ষীয়ে।
আনহাতে মহিলা গৰাকীৰ নগ্ন ফটো ভাইৰেল কৰাৰ বাবে তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হৈছে আনিকুল শ্বেখ নামৰ এজন যুৱক আৰু দুই কিশোৰ।
সমগ্ৰ ঘটনা সংক্ৰান্তত বঙাইগাঁও সদৰ থানাত 808/21 নম্বৰত গোচৰ এটা পঞ্জীয়ন হৈছে। লক্ষণীয় যে মাতব্বৰ বদিয়ত জামালক ৰক্ষাবেক্ষণ দিবলৈ এটা পক্ষই মহিলাগৰাকী দুচৰিত্ৰৰ বুলি সদৰ থানাত এজাহাৰ এখন দাখিল কৰিছে। পিতা-পুত্ৰৰ এই কুকৰ্মই সভ্য সমাজক চৰম লজ্জানত কৰা পৰিলক্ষিত হোৱাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Photo: Prasanta
Discussion about this post