বঙাইগাঁও (Bongaigaon) চাপৰাকাটাস্থিত SSBৰ কেম্পত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Sensational Incident)। শুকুৰবাৰে নিশা নিজৰ ছাৰ্ভিচ বন্দুকেৰে গুলিয়াই আত্মহত্যা (Gunshot Suicide SSB Jawan) কৰে এজন SSB জোৱানে। কোকৰাঝাৰৰ ষষ্ঠ বেটেলিয়ন SSBৰ জোৱান অংকিত কুমাৰে (২৯) কৰে আত্মহত্যা (Suicide Case)।
উত্তৰপ্ৰদেশৰ মুজাফৰ নগৰৰ বিবাহিত জোৱানজনৰ আত্মহত্যাৰ পিছতে চিৰাঙৰ কাজলগাঁওস্থিত জেএছবি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে আনে ঢালিগাঁও থানা আৰক্ষীয়ে (Dhaligaon Police)। এছএছবিৰ জ্যেষ্ঠ বিষয়াসকলে ঘটনাৰ তদন্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈ যদিও তেওঁলোকে এই বিষয়ে সংবাদ মাধ্যমক কোনো তথ্য দিয়াৰ পৰা বিৰত থাকে। এছএছবিৰ জোৱানজনে কিয় আত্মহত্যা কৰিলে সেয়া বিভাগীয়ভাবে কোনো তথ্য প্ৰকাশ কৰা নাই।
উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে গোলাঘাট জিলাতো ৰাজ সিং নামৰ CRPFৰ এজন জোৱানে নিজৰ ছাৰ্ভিচ অস্ত্ৰৰে গুলীয়াই আত্মহত্যা কৰাৰ এক ঘটনা সংঘটিত হৈছিল।
Photo & Input: Saurav Jyoti
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-lemon-benefits-for-health/9346/
Discussion about this post